Class 10 Maths Chapter 4 Exercise 4.2 Solutions Assamese Medium | Quadratic Equations SEBA 2026–2027

Sudev Chandra Das

Class 10 Maths Chapter 4 Exercise 4.2 Solutions Assamese Medium | Quadratic Equations SEBA 2026–2027


Exercise 4.2 হৈছে দ্বিঘাত সমীকৰণ অধ্যায়ৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ অংশ, য’ত আপুনি শিকিব দ্বিঘাত সূত্র (Quadratic Formula) ব্যৱহাৰ কৰি সমীকৰণ সমাধান কৰা।

এই অংশটো Board Exam ৰ বাবে অতি গুৰুত্বপূৰ্ণ কাৰণ বহু সময়ত এনে প্রশ্ন আহে যাক Factorization ৰে সহজে সমাধান কৰিব নোৱাৰি। সেইবাবে এই পদ্ধতি ভালদৰে শিকাটো অত্যন্ত প্ৰয়োজনীয়।

👉 আমাৰ Digital Pipal Academy ৰ অভিজ্ঞ শিক্ষকসকলে ইয়াক একেবাৰে সহজ আৰু step-by-step পদ্ধতিত বুজাই দিছে।

🧮 Step-by-Step সমাধান (Exercise 4.2) 

প্ৰশ্ন 1: উৎপাদীকৰণ পদ্ধতিৰে তলৰ দ্বিঘাত সমীকৰণবোৰৰ মূলবোৰ উলিওৱা।

(i) \(x^2 - 3x - 10 = 0\)

(ii) \(2x^2 + x - 6 = 0\)

(iii) \(\sqrt{2}x^2 + 7x + 5\sqrt{2} = 0\)

(iv) \(2x^2 - x + \frac{1}{8} = 0\)

(v) \(100x^2 - 20x + 1 = 0\)

(vi) \(2x^2 - 7x + 6 = 0\)

(vii) \(x^2 - 10x - 96 = 0\)

(viii) \(\sqrt{3}x^2 + 10x + 7\sqrt{3} = 0\)

(ix) \(x^2 + 2\sqrt{2}x + 2 = 0\)

(x) \(14x + 5 - 3x^2 = 0\)

সমাধান:

(i) \(x^2 - 3x - 10 = 0\)
\(\Rightarrow x^2 - 5x + 2x - 10 = 0\)
\(\Rightarrow x(x - 5) + 2(x - 5) = 0\)
\(\Rightarrow (x - 5)(x + 2) = 0\)
হয় \(x - 5 = 0 \Rightarrow x = 5\)
নতুবা \(x + 2 = 0 \Rightarrow x = -2\)
নিৰ্ণেয় মূল: \(5, -2\)


(ii) \(2x^2 + x - 6 = 0\)
\(\Rightarrow 2x^2 + 4x - 3x - 6 = 0\)
\(\Rightarrow 2x(x + 2) - 3(x + 2) = 0\)
\(\Rightarrow (x + 2)(2x - 3) = 0\)
হয় \(x + 2 = 0 \Rightarrow x = -2\)
নতুবা \(2x - 3 = 0 \Rightarrow x = \frac{3}{2}\)
নিৰ্ণেয় মূল: \(-2, \frac{3}{2}\)


(iii) \(\sqrt{2}x^2 + 7x + 5\sqrt{2} = 0\)
\(\Rightarrow \sqrt{2}x^2 + 5x + 2x + 5\sqrt{2} = 0\)
\(\Rightarrow x(\sqrt{2}x + 5) + \sqrt{2}(\sqrt{2}x + 5) = 0\)
\(\Rightarrow (\sqrt{2}x + 5)(x + \sqrt{2}) = 0\)
হয় \(x = -\frac{5}{\sqrt{2}}\) নতুবা \(x = -\sqrt{2}\)
নিৰ্ণেয় মূল: \(-\frac{5}{\sqrt{2}}, -\sqrt{2}\)


(iv) \(2x^2 - x + \frac{1}{8} = 0\)
৮-ৰে পূৰণ কৰি পাওঁ: \(16x^2 - 8x + 1 = 0\)
\(\Rightarrow 16x^2 - 4x - 4x + 1 = 0\)
\(\Rightarrow 4x(4x - 1) - 1(4x - 1) = 0\)
\(\Rightarrow (4x - 1)(4x - 1) = 0\)
নিৰ্ণেয় মূল: \(\frac{1}{4}, \frac{1}{4}\)


(v) \(100x^2 - 20x + 1 = 0\)
\(\Rightarrow 100x^2 - 10x - 10x + 1 = 0\)
\(\Rightarrow 10x(10x - 1) - 1(10x - 1) = 0\)
\(\Rightarrow (10x - 1)^2 = 0\)
নিৰ্ণেয় মূল: \(\frac{1}{10}, \frac{1}{10}\)


(vi) \(2x^2 - 7x + 6 = 0\)
\(\Rightarrow 2x^2 - 4x - 3x + 6 = 0\)
\(\Rightarrow 2x(x - 2) - 3(x - 2) = 0\)
\(\Rightarrow (x - 2)(2x - 3) = 0\)
নিৰ্ণেয় মূল: \(2, \frac{3}{2}\)


(vii) \(x^2 - 10x - 96 = 0\)
\(\Rightarrow x^2 - 16x + 6x - 96 = 0\)
\(\Rightarrow x(x - 16) + 6(x - 16) = 0\)
\(\Rightarrow (x - 16)(x + 6) = 0\)
নিৰ্ণেয় মূল: \(16, -6\)


(viii) \(\sqrt{3}x^2 + 10x + 7\sqrt{3} = 0\)
\(\Rightarrow \sqrt{3}x^2 + 3x + 7x + 7\sqrt{3} = 0\)
\(\Rightarrow \sqrt{3}x(x + \sqrt{3}) + 7(x + \sqrt{3}) = 0\)
\(\Rightarrow (x + \sqrt{3})(\sqrt{3}x + 7) = 0\)
নিৰ্ণেয় মূল: \(-\sqrt{3}, -\frac{7}{\sqrt{3}}\)


(ix) \(x^2 + 2\sqrt{2}x + 2 = 0\)
\(\Rightarrow x^2 + \sqrt{2}x + \sqrt{2}x + 2 = 0\)
\(\Rightarrow x(x + \sqrt{2}) + \sqrt{2}(x + \sqrt{2}) = 0\)
\(\Rightarrow (x + \sqrt{2})^2 = 0\)
নিৰ্ণেয় মূল: \(-\sqrt{2}, -\sqrt{2}\)


(x) \(14x + 5 - 3x^2 = 0\)
সজাই লৈ: \(-3x^2 + 14x + 5 = 0 \Rightarrow 3x^2 - 14x - 5 = 0\)
\(\Rightarrow 3x^2 - 15x + x - 5 = 0\)
\(\Rightarrow 3x(x - 5) + 1(x - 5) = 0\)
\(\Rightarrow (x - 5)(3x + 1) = 0\)
নিৰ্ণেয় মূল: \(5, -\frac{1}{3}\)

2. উদাহৰণ 1 ত দিয়া সমস্যা দুটা সমাধান কৰা.

Represent the following situations mathematically:

(i) জন আৰু জিয়ন্তী দুয়োৰে 45 টা মাৰ্বল আছে । তেওঁলোকৰ প্ৰত্যকে 5 টাকৈ মাৰ্বল হেৰালে আৰু এতিয়া তেওঁলোকৰ হাতত থকা মাৰ্বলৰ সংখ্যাৰ গুণফল 124 । আমি উলিয়াব লাগে, আৰাম্ভণিতে তেওঁলোকৰ কেইটাকৈ মাৰ্বল আছিল.

(ii) এটা কুটীৰ শিল্পই এদিনত এটা নিৰ্দিষ্ট সংখ্যক পুতলা তৈয়াৰ কৰে । দোখাগ’ল যে প্ৰতিটো পুতলা উৎপাদানৰ খৰছ (টকাত) 55 বিয়োগ এদিনত উৎপাদিত পুতলাৰ সংখ্যা । এটা বিশেষ দিনত সমুদায় উৎপাদানৰ খৰচ আছিল 750 । আমি নিৰ্ণয় কৰিব লাগে সিদিনাখন উৎপাদান হোৱা পুতলাৰ সংখ্যা কিমান.

সমাধান:

(i)

ধৰা হ’ল, জনৰ ওচৰত থকা মাৰ্বলৰ সংখ্যা = \(x\)।
যিহেতু দুয়োৰে মুঠ মাৰ্বলৰ সংখ্যা 45, গতিকে জিয়ন্তীৰ ওচৰত থকা মাৰ্বলৰ সংখ্যা = \(45 - x\)।

৫ টাকৈ মাৰ্বল হেৰোৱাৰ পিছত:
জনৰ মাৰ্বলৰ সংখ্যা = \(x - 5\)
জিয়ন্তীৰ মাৰ্বলৰ সংখ্যা = \(45 - x - 5 = 40 - x\)

প্ৰশ্নমতে, তেওঁলোকৰ হাতত থকা মাৰ্বলৰ সংখ্যাৰ গুণফল 124:
\((x - 5)(40 - x) = 124\)
\(\Rightarrow 40x - x^2 - 200 + 5x = 124\)
\(\Rightarrow -x^2 + 45x - 200 - 124 = 0\)
\(\Rightarrow -x^2 + 45x - 324 = 0\)
\(\Rightarrow x^2 - 45x + 324 = 0\)

এতিয়া, মধ্য পদটো ভাঙি পাওঁ:
\(\Rightarrow x^2 - 36x - 9x + 324 = 0\)
\(\Rightarrow x(x - 36) - 9(x - 36) = 0\)
\(\Rightarrow (x - 36)(x - 9) = 0\)

গতিকে, \(x = 36\) অথবা \(x = 9\)।
অৰ্থাৎ, আৰম্ভণিতে এজনৰ ওচৰত 36 টা আৰু আনজনৰ ওচৰত 9 টা মাৰ্বল আছিল।

(ii)

ধৰা হ’ল, সিদিনা উৎপাদন হোৱা পুতলাৰ সংখ্যা = \(x\)।
প্ৰতিটো পুতলা উৎপাদনৰ খৰছ = \((55 - x)\) টকা।

প্ৰশ্নমতে, সিদিনাৰ মুঠ উৎপাদন খৰচ 750 টকা:
\(x(55 - x) = 750\)
\(\Rightarrow 55x - x^2 = 750\)
\(\Rightarrow -x^2 + 55x - 750 = 0\)
\(\Rightarrow x^2 - 55x + 750 = 0\)

এতিয়া, মধ্য পদটো ভাঙি পাওঁ:
\(\Rightarrow x^2 - 30x - 25x + 750 = 0\)
\(\Rightarrow x(x - 30) - 25(x - 30) = 0\)
\(\Rightarrow (x - 30)(x - 25) = 0\)

গতিকে, \(x = 30\) অথবা \(x = 25\)।
অৰ্থাৎ, সিদিনা উৎপাদন হোৱা পুতলাৰ সংখ্যা আছিল 30 অথবা 25।

3. দুটা সংখ্যা উলিওৱা যাৰ সমষ্টি 27 আৰু গুণফল 182।

সমাধান:

ধৰা হ’ল, এটা সংখ্যা = \(x\)।
যিহেতু সংখ্যা দুটাৰ সমষ্টি 27, গতিকে আনটো সংখ্যা হ’ব = \((27 - x)\)।

প্ৰশ্নমতে, সংখ্যা দুটাৰ গুণফল 182। গতিকে—
\(x(27 - x) = 182\)
\(\Rightarrow 27x - x^2 = 182\)
\(\Rightarrow -x^2 + 27x - 182 = 0\)
\(\Rightarrow x^2 - 27x + 182 = 0\)

এতিয়া, মধ্য পদটো ভাঙি পাওঁ (যিহেতু \(13 \times 14 = 182\) আৰু \(13 + 14 = 27\)):
\(\Rightarrow x^2 - 14x - 13x + 182 = 0\)
\(\Rightarrow x(x - 14) - 13(x - 14) = 0\)
\(\Rightarrow (x - 14)(x - 13) = 0\)

গতিকে,
হয় \(x - 14 = 0 \Rightarrow x = 14\)
নতুবা \(x - 13 = 0 \Rightarrow x = 13\)

যদি এটা সংখ্যা 14 হয়, তেন্তে আনটো সংখ্যা হ’ব \(27 - 14 = 13\)। আকৌ যদি এটা সংখ্যা 13 হয়, তেন্তে আনটো সংখ্যা হ’ব \(27 - 13 = 14\)।

নিৰ্ণেয় সংখ্যা দুটা হ’ল 13 আৰু 14।

4. দুটা ক্ৰমিক যোগাত্মক সংখ্যা উলিওৱা যাৰ বৰ্গৰ যোগফল 365।

সমাধান:

ধৰা হ’ল প্ৰথম যোগাত্মক অখণ্ড সংখ্যাটো = \(x\)।
গতিকে দ্বিতীয় ক্ৰমিক সংখ্যাটো হ’ব = \((x + 1)\)।

প্ৰশ্নমতে,
\(x^2 + (x + 1)^2 = 365\)
\(\Rightarrow x^2 + x^2 + 2x + 1 = 365\)
\(\Rightarrow 2x^2 + 2x - 364 = 0\)
\(\Rightarrow x^2 + x - 182 = 0\) (2-ৰে হৰণ কৰি)

\(\Rightarrow x^2 + 14x - 13x - 182 = 0\)
\(\Rightarrow x(x + 14) - 13(x + 14) = 0\)
\(\Rightarrow (x + 14)(x - 13) = 0\)

হয় \(x + 14 = 0 \Rightarrow x = -14\) (গ্ৰহণযোগ্য নহয়)
নতুবা \(x - 13 = 0 \Rightarrow x = 13\)।

নিৰ্ণেয় ক্ৰমিক সংখ্যা দুটা হ’ল 14 আৰু 14।


5. এটা সমকোণী ত্ৰিভুজৰ উচ্চতা ইয়াৰ ভূমিতকৈ 7 চে.মি. কম। যদি অতিভুজটো 13 চে.মি., অইন বাহু দুটা উলিওৱা।

সমাধান:

ধৰা হ’ল ত্ৰিভুজটোৰ ভূমি = \(x\) চে.মি.।
গতিকে উচ্চতা = \((x - 7)\) চে.মি.।
অতিভুজ = ১৩ চে.মি.।

পাইথাগোৰাছৰ সূত্ৰমতে:
\(x^2 + (x - 7)^2 = 13^2\)
\(\Rightarrow x^2 + x^2 - 14x + 49 = 169\)
\(\Rightarrow 2x^2 - 14x - 120 = 0\)
\(\Rightarrow x^2 - 7x - 60 = 0\)

\(\Rightarrow x^2 - 12x + 5x - 60 = 0\)
\(\Rightarrow x(x - 12) + 5(x - 12) = 0\)
\(\Rightarrow (x - 12)(x + 5) = 0\)

হয় \(x - 12 = 0 \Rightarrow x = 12\)
নতুবা \(x + 5 = 0 \Rightarrow x = -5\) (বাহু ঋণাত্মক হ’ব নোৱাৰে)।

ভূমি = 12 চে.মি. আৰু উচ্চতা = (12 - 7) = 5 চে.মি.।


6. এটা কুটীৰ শিল্পই দৈনিক এটা নিৰ্দিষ্ট সংখ্যক মাটিৰ বাচন তৈয়াৰ কৰে। এদিন দেখা গ’ল যে প্ৰতিটো বস্তুৰ উৎপাদনৰ খৰচ সিদিনাৰ উৎপাদিত বস্তুৰ সংখ্যাৰ দুগুণতকৈ 3 বেছি। যদি সিদিনা উৎপাদনৰ মুঠ ব্যয় 90 টকা, উৎপাদিত বস্তুৰ সংখ্যা আৰু প্ৰতিটো বস্তুৰ ব্যয় উলিওৱা।

সমাধান:

ধৰা হ’ল উৎপাদিত বস্তুৰ সংখ্যা = \(x\)।
প্ৰতিটো বস্তুৰ ব্যয় = \((2x + 3)\) টকা।

প্ৰশ্নমতে,
\(x(2x + 3) = 90\)
\(\Rightarrow 2x^2 + 3x - 90 = 0\)
\(\Rightarrow 2x^2 + 15x - 12x - 90 = 0\)
\(\Rightarrow x(2x + 15) - 6(2x + 15) = 0\)
\(\Rightarrow (2x + 15)(x - 6) = 0\)

হয় \(2x + 15 = 0 \Rightarrow x = -7.5\) (গ্ৰহণযোগ্য নহয়)
নতুবা \(x - 6 = 0 \Rightarrow x = 6\)।

উৎপাদিত বস্তুৰ সংখ্যা = 6
প্ৰতিটো বস্তুৰ ব্যয় = \(2(6) + 3 = 15\) টকা।

 

7. যদি \(x^2 - 2px + p^2 = 0\), তেন্তে \(\frac{p}{x}\) ৰ মান হ’ব—
(a) \(0\)
(b) \(-1\)
(c) \(1\)
(d) \(2\)

সমাধান:
দিয়া আছে সমীকৰণটো: \(x^2 - 2px + p^2 = 0\)।
আমি জানো যে, \((a - b)^2 = a^2 - 2ab + b^2\)।
গতিকে, \((x - p)^2 = 0\)
\(\Rightarrow x - p = 0\)
\(\Rightarrow x = p\)
এতিয়া, \(\frac{p}{x}\) ৰ মান হ’ব:
\(\Rightarrow \frac{p}{p} = 1\)
শুদ্ধ বিকল্প: (c) \(1\)


8. এজন ছাত্ৰই উৎপাদক বিশ্লেষণ পদ্ধতিৰে \(x^2 - 3x - 10 = 0\) সমীকৰণটোৰ মূল নিৰ্ণয় কৰিবলৈ তলত উল্লেখ কৰা স্তৰমতে কৰিলে—

স্তৰ 1 : \(x^2 - 3x - 10 = 0\)

স্তৰ 2 : \(x^2 - 5x - 2x - 10 = 0\)

স্তৰ 3 : \(x(x - 5) - 2(x - 5) = 0\)

স্তৰ 4 : \((x - 5)(x - 2) = 0\)

স্তৰ 5 : \(x = 5\) আৰু \(x = 2\)

ছাত্ৰজনে কোনটো স্তৰত প্ৰথমে ভুল কৰিলে

(a) স্তৰ : 2
(b) স্তৰ : 3
(c) স্তৰ : 4
(d) স্তৰ : 5

সমাধান:
ছাত্ৰজনে স্তৰ 2-ত লিখিছিল: \(x^2 - 5x - 2x - 10 = 0\)।
কিন্তু মধ্য পদ \(-3x\) টোক ভাঙিলে আমি পাওঁ: \(-5x + 2x = -3x\)।
যিহেতু \(-5x - 2x = -7x\) হয়, গতিকে ছাত্ৰজনে কৰা স্তৰ 2-টো ভুল।
শুদ্ধ বিকল্প: (a) স্তৰ : 2


9. \(2x^2 - 9x + 4 = 0\) দ্বিঘাত সমীকৰণটোৰ মূল দুটাৰ যোগফল আৰু পুৰণফল নিৰ্ণয় কৰা।

সমাধান:
সমীকৰণটোক \(ax^2 + bx + c = 0\) ৰ লগত তুলনা কৰি পাওঁ:
\(a = 2, b = -9, c = 4\)।

মূল দুটাৰ যোগফল \((\alpha + \beta) = \frac{-b}{a} = \frac{-(-9)}{2} = \frac{9}{2}\)
মূল দুটাৰ গুণফল \((\alpha\beta) = \frac{c}{a} = \frac{4}{2} = 2\)


10. যদি \(2x^2 + kx - 6 = 0\) দ্বিঘাত সমীকৰণটোৰ এটা মূল 2 হয়, তেন্তে \(k\) ৰ মান নিৰ্ণয় কৰা। লগতে আনটো মূল নিৰ্ণয় কৰা।

সমাধান:
যিহেতু এটা মূল \(x = 2\), ই সমীকৰণটোক সিদ্ধ কৰিব লাগিব:
\(2(2)^2 + k(2) - 6 = 0\)
\(\Rightarrow 2(4) + 2k - 6 = 0\)
\(\Rightarrow 8 + 2k - 6 = 0\)
\(\Rightarrow 2k + 2 = 0\)
\(\Rightarrow 2k = -2\)
\(\Rightarrow k = -1\)

এতিয়া, মূল দুটাৰ গুণফল \(= \frac{c}{a} = \frac{-6}{2} = -3\)।
গতিকে, \(2 \times (\text{Other Root}) = -3\)
\(\Rightarrow \text{Other Root} = -\frac{3}{2}\)
নিৰ্ণেয় \(k\) ৰ মান \(-1\) আৰু আনটো মূল হ’ল \(-\frac{3}{2}\)।

 

11. এজন বাগিছাৰ নক্সা কৰোতাই চিত্ৰত দেখুওৱা ধৰণেৰে আয়তাকাৰ ঘাঁহনি এখনৰ পৰিকল্পনা কৰিছে যাৰ চাৰিওফালে এটা খোজকঢ়ি যোৱা পথেৰে আগুৰি থাকিব।
Garden Question Diagram

ঘাঁহনিডৰা আৰু খোজকঢ়া পথটোৰ মুঠ কালি \(360\) বৰ্গমিটাৰ। ঘাঁহনিডৰাৰ চাৰিওফালে খোজকঢ়া পথটোৰ বহল একে। ঘাঁহনিডৰাৰ জোখ \(12\) মিটাৰ × \(10\) মিটাৰ।

ওপৰত দিয়া তথ্যৰ পৰা তলৰ প্ৰশ্নকেইটাৰ উত্তৰ দিয়া।

(i) খোজকঢ়া পথটোৰ বহল \(x\) মিটাৰ ধৰি ঘাঁহনিডৰা আৰু খোজকঢ়া পথটোৰ মুঠ কালি প্রতিনিধিত্ব কৰা এটা দ্বিঘাত সমীকৰণ গঠন কৰা।

(ii) খোজকঢ়া পথটোৰ বহল \(x\) নিৰ্ণয় কৰিবলৈ দ্বিঘাত সমীকৰণটো সমাধান কৰা।

(iii) যদি প্ৰতি বৰ্গমিটাৰত \(50\) টকা হাৰত খোজকঢ়া পথটোত পকীকৰণ কৰা মুঠ খৰচ \(12,000\) টকা হয়, তেন্তে খোজকঢ়া পথটোৰ কালি নিৰ্ণয় কৰা।

(iv) ঘাঁহনিডৰাৰ পৰিসীমা নিৰ্ণয় কৰা।

সমাধান:

(i) ধৰা হ’ল খোজকঢ়া পথটোৰ বহল = \(x\) মিটাৰ।
ঘাঁহনিডৰাৰ জোখ হ’ল \(12\) মিটাৰ × \(10\) মিটাৰ।
পথটোৰ সৈতে ঘাঁহনিডৰাৰ বাহিৰৰ জোখ হ’ব:
দীঘ = \((12 + 2x)\) মিটাৰ
প্ৰস্থ = \((10 + 2x)\) মিটাৰ

দিয়া আছে, মুঠ কালি = \(360\) বৰ্গমিটাৰ।
\((12 + 2x)(10 + 2x) = 360\)
\(\Rightarrow 120 + 24x + 20x + 4x^2 = 360\)
\(\Rightarrow 4x^2 + 44x - 240 = 0\)
4-ৰে হৰণ কৰি পাওঁ:
\(\Rightarrow x^2 + 11x - 60 = 0\)


(ii) ওপৰৰ সমীকৰণটোৰ পৰা:
\(x^2 + 11x - 60 = 0\)
\(\Rightarrow x^2 + 15x - 4x - 60 = 0\)
\(\Rightarrow x(x + 15) - 4(x + 15) = 0\)
\(\Rightarrow (x + 15)(x - 4) = 0\)

হয় \(x + 15 = 0 \Rightarrow x = -15\) (যিহেতু বহল ঋণাত্মক হ’ব নোৱাৰে)
নতুবা \(x - 4 = 0 \Rightarrow x = 4\)।
গতিকে, পথটোৰ বহল \(x = 4\) মিটাৰ।


(iii) পকীকৰণ কৰা মুঠ খৰচ = 12000 টকা
প্ৰতি বৰ্গমিটাৰৰ হাৰ = 50 টকা
খোজকঢ়া পথটোৰ কালি = \(\frac{\text{Total Cost}}{\text{Rate}}\)
\(\Rightarrow \text{Area} = \frac{12000}{50}\)
খোজকঢ়া পথটোৰ কালি = 240বৰ্গমিটাৰ।


(iv) ঘাঁহনিডৰাৰ পৰিসীমা = \(2 \times (\text{Length} + \text{Breadth})\)
\(\Rightarrow \text{Perimeter} = 2 \times (12 + 10)\)
\(\Rightarrow \text{Perimeter} = 2 \times 22\)
ঘাঁহনিডৰাৰ পৰিসীমা = 44 মিটাৰ।

Sudev Chandra Das

B.Sc. Mathematics • Founder

Hi! I'm Sudev Chandra Das, Founder of Digital Pipal Academy. I guide students toward better education with a simple belief: "Success comes from preparation, hard work, and learning from failure."

 

💡 সহজে মনত ৰাখিবলৈ টিপছ

✔ প্ৰথমে a, b, c ঠিককৈ চিনাক্ত কৰক
✔ D calculate কৰাটো ভুল নকৰিব
✔ √ (square root) ঠিককৈ কৰক
✔ ± দুয়োটা value লিখিবলৈ নাপাহৰিব
✔ Final answer simplify কৰক

🎯 পৰীক্ষাৰ বাবে বিশেষ গুৰুত্ব

📌 এই Exercise ৰ পৰা Board Exam ত প্ৰায় নিশ্চিত প্রশ্ন আহে
📌 Long answer (3–4 marks) হিচাপে আহিব পাৰে
📌 Step-by-step লিখিলে সম্পূৰ্ণ নম্বৰ পোৱা যায়

🌐 সম্পূৰ্ণ Exercise 4.2 Solution

📘 Exercise 4.2 ৰ সকলো প্রশ্নৰ সম্পূৰ্ণ সমাধান চাবলৈ তলৰ লিংকটো চাওক—

👉 Visit Now: www.pipalacademy.com

📣 আমাৰ সৈতে যুক্ত থাকক

📺 YouTube: Digital Pipal Academy
📸 Instagram: @pipalacademy

❤️ শেষ কথা

Quadratic Formula হৈছে আপোনাৰ “backup weapon”।
যেতিয়া Factorization নোৱাৰি, তেতিয়া এই পদ্ধতি আপোনাক বাচাব।

📘 Practice + Concept = Full Marks 💯

Class 10 Maths Chapter 4 – Quadratic Equations (Exercise 4.2) FAQs (অসমীয়া মাধ্যম)

Exercise 4.2 ত দ্বিঘাত সমীকৰণ factorization পদ্ধতি ব্যৱহাৰ কৰি সমাধান কৰা শিকোৱা হয়।

👉 এইটো প্ৰথম পদ্ধতি যাৰ সহায়ত roots সহজে উলিয়াব পাৰি।

এই পদ্ধতিত সমীকৰণটো দুটা linear factor লৈ ভাঙি, প্ৰতিটো factor = 0 কৰি সমাধান কৰা হয়।

এই অংশটো অতি গুৰুত্বপূৰ্ণ। প্ৰায়ে পৰীক্ষাত factorization ভিত্তিক প্ৰশ্ন অহে।

🎯 সহজ নম্বৰ লাভ কৰাৰ এটা ভাল সুযোগ।

যেতিয়া সমীকৰণটো সহজে দুটা factor লৈ ভাঙিব পৰা যায়, তেতিয়া এই পদ্ধতি ব্যৱহাৰ কৰা হয়।

তেনে ক্ষেত্ৰত completing square বা quadratic formula ব্যৱহাৰ কৰিব পাৰি।

নিয়মিত অনুশীলন কৰক, সূত্ৰবোৰ মনত ৰাখক আৰু আগৰ বছৰৰ প্ৰশ্নসমূহ সমাধান কৰক।

🚀 প্ৰথমে সহজ প্ৰশ্নসমূহ সম্পূৰ্ণ কৰক, তাৰ পিছত কঠিনবোৰ কৰক।

ইয়াত step-by-step সমাধান, সহজ ভাষাত ব্যাখ্যা, আপডেটেড syllabus আৰু পৰীক্ষা-কেন্দ্ৰিক দিশনির্দেশনা দিয়া হয়।

⭐ ই ছাত্ৰ-ছাত্ৰীৰ গতি, সঠিকতা আৰু আত্মবিশ্বাস বৃদ্ধি কৰে।

আপুনি Digital Pipal Academy ত সহজ আৰু বুজিবলৈ সুবিধাজনক ধাপে ধাপে সম্পূৰ্ণ সমাধান পাব পাৰে।

 

 

 

 


Our website uses cookies to enhance your experience. Learn More
Accept !