ভয় Class 8 Assamese Chapter 9 Questions and Answers Solution by Digital Pipal Academy .Class 8 assamese solutions pdf.

Lokesh Chandra Das

 

ভয়

 

১। উত্তৰ দিয়া

(ক) ৰবীনৰ চৌবিশ ঘণ্টাৰ লগৰীয়া কোন ?

উত্তৰঃ- ৰবীনৰ চৌবিশ ঘণ্টাৰ লগৰীয়া হ'ল ভয়

 

(খ) ৰবীনৰ পৰিবাৰৰ নাম কি ?

উত্তৰঃ- ৰবীনৰ পৰিবাৰৰ নাম ৰমলা

 

(গ) ফুটবল খেলি থাকোঁতে কোন ঢুকাল ?

উত্তৰঃ- সত্য খুড়াৰ ল'ৰাজন ফুটবল খেলি থাকোঁতে ঢুকাল

 

(ঘ) ৰবীন কেইটা সন্তানৰ পিতৃ ? 

উত্তৰঃ- ৰবীন তিনিটা সন্তানৰ পিতৃ

 

(ঙ) জহীৰুদ্দিনৰ পেচা কি ? 

উত্তৰঃ- জহীৰুদ্দিনৰ পেচা ওকালতি

 

(চ) ফুৰিবলৈ ওলালে ৰবীনৰ কাৰ লগত তৰ্কাতৰ্কি হয়? 

উত্তৰঃ- ফুৰিবলৈ ওলালে ৰবীনৰ পৰিবাৰ ৰমলাৰ লগত তৰ্কাতৰ্কি হয়

 

(ছ) পোনাহঁতে কি বলেৰে ক্ৰিকেট খেলিবলৈ বিচাৰে? 

উত্তৰঃ- পোনাহঁতে কাঠৰ বলেৰে ক্ৰিকেট খেলিবলৈ বিচাৰে

 

(জ) অফিচৰ কাম-কাজত ৰবীনে কিয় মন দিব নোৱাৰে ? 

উত্তৰঃ- এটা অনামি ভয়ৰ বাবে অফিচৰ কাম-কাজত ৰবীনে মন দিব নোৱাৰে

 

৩। চমু উত্তৰ দিয়া

(ক) কেনেকুৱা কথাই ৰবীনৰ মনত ভয়ৰ সৃষ্টি কৰে? 

উত্তৰঃ- ৰবীনৰ মৃত্যুৰ পিছত তেওঁৰ পত্নী আৰু ল'ৰা-ছোৱালী কেইটাৰ কি হ'? তেওঁৰ পত্নীৰ স্বভাৱত গভীৰতা নাই। কোনো কথাই গভীৰভাৱে ল'ব নাজানে। সোতত গা এৰি দিয়া স্বভাৱ। এনেবোৰ কথাই ৰবীনৰ মনত ভয়ৰ সৃষ্টি কৰে

 

(খ) এদিন আবেলি অফিচৰ পৰা আহি ৰবীনৰ কিয় খং উঠিছিল? 

উত্তৰঃ- এদিন আবেলি অফিচৰ পৰা আহি ৰবীনে দেখিলে যে ঘৰৰ সমুখৰ দুৱাৰখন খোলা। সৰু ছোৱালীজনী অকলে বাৰান্দাত আছে। ৰমলা বাথৰুমত গা ধুই আছিল। এনেদৰে দৰ্জা খুলি ছোৱালীজনী অকলে এৰি ৰমলা বাথৰুমত যোৱা বাবে ৰবীনক খং উঠিছিল ।

 

(গ) মাজৰাতি ৰবীনে শোৱাৰ পৰা উঠি ক'লৈ যাবলৈ ওলাইছিল? তেওঁ ওলাই যোৱাৰ কাৰণ কি? 

উত্তৰঃ- মাজৰাতি ৰবীনে শোৱাৰ পৰা উঠি জহীৰুদ্দিনৰ ঘৰৰ ফালে যাবলৈ ওলাইছিল। তেওঁ ভাবিছিল যে, আজি যদি তেওঁ জহীৰৰ ল'ৰা-ছোৱালীক উন্ম‌ত্ত জনতাৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ নাযায় তেতিয়া হ'লে কাইলৈ তেওঁৰ পৰিয়ালৰ সদস্য বিপদত পৰিলে কোনেও উদ্ধাৰ কৰিবলৈ নাহিব

 

(ঘ) গল্পটো পঢ়ি ৰবীন আৰু ৰমলাৰ চিন্তাৰ মাজত ক'ত পাৰ্থক্য পাইছা? 

উত্তৰঃ- ৰবীন আৰু ৰমলা দুয়োটা পৃথক চৰিত্ৰ। ৰবীনৰ চৰিত্ৰত আমি এক অনামি ভয়ৰ আৱৰণ অনবৰতে দেখোঁ যদিও এই ভয়ৰ আঁৰত এজন চিন্তাশীল নাগৰিকৰ দায়িত্ববোধো দেখিবলৈ পাঁও। তাৰ বিপৰীতে ৰমলাৰ চৰিত্ৰ সহজ-সৰল। সমাজৰ পঙ্কিলময়তাৰ পৰা আঁতৰত এক সৰল মনৰ অধিকাৰী ৰমলা

 

৪। কোনে, কাক, কেতিয়া কৈছিল লিখা

 

(ক) "ইমান ভয়াতুৰ মানুহ ম‌ই জনমত দেখা নাই।" 

উত্তৰঃ- উক্ত কথাষাৰ ৰমলাই ৰবীনক কৈছিল। যেতিয়া ৰবীনে অফিচৰ পৰা আহি দেখিছিল যে ঘৰৰ দৰ্জাখন খোলা আছিল আৰু ৰমলাই ছোৱালীজনীক বাহিৰত অকলে বহুৱাই থৈ বাথৰুমত সোমাইছিল ।

 

(খ) "হেৰা শুনিছা? কোনোবাই চিঞৰা যেন লাগিছে।" 

উত্তৰঃ- এই কথাষাৰ ৰবীনে ৰমলাক কৈছিল । মাজৰাতি হঠাৎ ৰবীনে সাৰ পাই কোনোবাই চিঞৰ-বাখৰ কৰা যেন পালে আৰু ৰমলাক জগাই এই কথাখিনি কৈছিল । 

 

(গ) "আজি মই তাৰ ল'ৰা-ছোৱালীক ৰক্ষা কৰিবলৈ নগ'লে কালিলৈ মোৰ ল'ৰা- ছোৱালীক ৰক্ষা কৰিবলৈ কোন আহিব?"

উত্তৰঃ- এই কথাষাৰ ৰবীনে ৰমলাক কৈছিল । ৰবীনে জহীৰৰ ঘৰত যাবলৈ ওলোৱাত ৰমলাই ক'লৈ যোৱা বুলি কোৱাত ৰবীনে উক্ত কথাষাৰ কৈছিল

 

৫। দফাটো পঢ়া আৰু তাৰ লগত সংগতি ৰাখি প্ৰশ্ন যুগুত কৰা

 

'কোলাহল জহীৰুদ্দিনৰ ঘৰৰ ফালৰ পৰা নহয় জানো? জহীৰুদ্দিনে এই চুবুৰীত ঘৰভাৰা লৈ থাকে, ওকালতি কৰে। ভদ্ৰ আৰু বিনয়ী ডেকা। চুবুৰীৰ সকলোৰে লগত ভাল। ভিন ঠাইৰ মানুহে জহীৰুদ্দিনৰ ঘৰ আক্ৰমণ কৰিবলৈ আহিছে নেকি?"

 

উত্তৰঃ- (i) কোহালটো কাৰ ঘৰৰ ফালৰ পৰা আহিছিল? 

 

(ii) জহীৰুদ্দিনৰ পেচা কি? 

 

(iii) কোন ঠাইৰ মানুহে জহীৰুদ্দিনৰ ঘৰ আক্ৰমণ কৰিবলৈ আহিছিল ?

 

 

৬। তলৰ বাক্যকেইশাৰীৰ অৰ্থ বুজাই লিখা

 

(ক) "উচ্ছৃংখল  জনতা দাৱানলৰ দৰে।"

 

উত্তৰঃ- উন্মত্ত জনতা জুইৰ নিচিনা। জুইয়ে যেনেকৈ কোনো বাচ-বিচাৰ নকৰাকৈ সন্মুখত পৰা সকলো বস্তুকে পুৰি চাৰ-খাৰ কৰে থিক তেনেকৈ আৱেগত উন্মত্ত হোৱা জনতাইও কোনো শুদ্ধ-অশুদ্ধৰ বিচাৰ নকৰাকৈ সমাজৰ অনিষ্ট কৰে

 

(খ) "দাৱানল সৃষ্টি কৰাৰ কাৰণে ফিৰিঙতি এটাই যথেষ্ট।" 

 

উত্তৰঃ- একুৰা জুই জ্বলিবলৈ এটা ফিৰিঙতি যথেষ্ট হোৱাৰ লেখিয়াকৈ সমাজত সৰু কথা এটাৰ পৰাই বিভ্ৰান্তিৰ সৃষ্টি হয় আৰু তাৰ পৰাই গোটেই সমাজখনত অশান্তিৰ বীজ বিয়পি পৰে

 

(গ) "বিভিন্ন ধৰ্ম, বিভিন্ন ভাষা, বিভিন্ন সম্প্ৰদায়, কিমান জাতি আৰু উপজাতি! অসংখ্য খণ্ডিত সত্তাৰ এয়েই অমোঘ পৰিণতি।" 

 

উত্তৰঃ- বিভিন্ন ধৰ্ম, জাতি, ভাষা, সম্প্ৰদায়েৰে ভৰপূৰ দেশখনত একতাৰ বৰ প্ৰয়োজ ন। একতাৰ অবিহনে, ধৰ্মীয় সহিষ্ণুতাৰ অবিহনে সমাজ এখন বিশৃংখল পৰিস্থিতি হোৱাটো নিঘাট



৮। তলৰ শব্দবোৰেৰে একোটাকৈ বাক্য গঠন কৰা

উত্তৰঃ-

আওহতীয়াঃ আওহতীয়া বাটটোৰে ৰাতি-বিয়লি অকলে অহা যোৱা কৰিবলৈ অসুবিধা

 

সন্তৰ্পণেঃ পিচল বাটটোৰে ৰমেনৰ ককাকে খুব সন্তৰ্পণে খোজ কাঢ়ি অহা যোৱা কৰে

 

লানি নিছিগাঃ জোনবিল মেলালৈ বিভিন্ন ঠাইৰ পৰা মানুহৰ লানি নিছিগা সোত বয়

 

অন্যমনষ্কঃ আজি কেইদিনমানৰ পৰা ৰীনাই শ্ৰেণীকোঠাত অন্য়মনষ্ক হৈ আছে

 

অমোঘঃ লোকৰ অহিত চিন্তা কৰাৰ অমোঘ পৰিণতি লাভ কৰিলে। 

 

উচ্ছৃংখলঃ যুৱ উচ্ছৃংখল সমাজৰ এক জলন্ত সমস্য়া 

 

দাৱানলঃ দাৱানল সৃষ্টি কৰাৰ কাৰণে ফিৰিঙতি এটাই যথেষ্ট

 

ছাৰখাৰঃ জুইয়ে মেঘাহঁতৰ ঘৰখন পুৰি ছাৰখাৰ কৰিলে

 

উৎকৰ্ণঃ গভীৰ ৰাতি হঠাতে কৰ্ণ ৰবীনে কিবা শুনাৰ চেষ্টা কৰে। 

 

কোলাহলঃ শ্ৰেণীকোঠাটো বৰ কোলাহলপূৰ্ণ হৈ আছে। 

 

 

৯। তলত দিয়া দফাটো যতি চিন ব্যৱহাৰ কৰি পুনৰ লিখা। 

 

উত্তৰঃ- মানুহৰ মুখ শান্তিৰ এক প্ৰধান অন্তৰায় হৈছে ক্ৰোধ। কলা কৃষ্টিৰ প্ৰতি আকৰ্ষণে সেই ক্ৰোধ নাশ কৰি মানুহৰ মনৰ কোমল প্ৰবৃত্তিসমূহ জগাই তোলে। সেইকাৰণে এটা পৰিয়ালত খেল-ধেমালি, নাচ-গান আদিৰ প্ৰতি থকা ৰাপ আদৰ আৰু পৰিৱেশৰ পৰা সেই পৰিয়ালত থকা সুখ শান্তিৰ উমান পাব পাৰি। মাঘৰ বিহুত মেজি সজা, ভোজ-ভাত খোৱা, হৈ গুদু, ঢোপ খেল, ঢোল, পেঁপা, গগনাৰ তালে তালে বিহু নচা আৰু দেৱালী আদি উৎসৱত মানুহে সমূহীয়াভাৱে মনৰ আনন্দকে প্ৰকাশ কৰে

 

১০। তলৰ আঁচ টনা শব্দবিলাকত কি কি বিভক্তি যুক্ত হৈছে লিখা

 

(ক) নর্দমালৈ নামি গ'লেহে হ'ব। 

 

উত্তৰঃ- নৰ্দমা + লৈ (চতুৰ্থী বিভক্তি)



(খ) কিছুদিনৰ পৰা পোনাহঁতেও ক্ৰিকেট খেলাত ধৰিছে

 

উত্তৰঃ- কিছুদিনৰ + পৰা (পঞ্চমী বিভক্তি)

 

(গ) অফিচত কাম কৰি থাকিও হঠাতে ৰবীনৰ বুকুখন ধৰফৰাই উঠে

 

উত্তৰঃ- অফিচ + ত (সপ্তমী বিভক্তি) 

 

(ঘ) আজি মই তাৰ 'ৰা-ছোৱালীক ৰক্ষা কৰিবলৈ নগ'লে কালিলৈ মোৰ ল'ৰা ছোৱালীক ৰক্ষা কৰিবলৈ কোন আহিব?

 

উত্তৰঃ- 'ৰা ছোৱালী + ক (দ্বিতীয়া বিভক্তি) কৰিব + লৈ (চতুৰ্থী বিভক্তি)

 

১১। ভাব বহলাই লিখা

 

(ক) অতিমাত্ৰা সকলোৰে বেয়া

উত্তৰঃ- সকলো বস্তুৰে অতিমাত্ৰা আমাৰ কাৰণে বেয়া। যি ধন-সম্পত্তি, মৰম-আদৰ, খং-আৱেগ যিয়েই নহওঁক লাগে। অতি মাত্ৰা ধন-সম্প্ৰতিয়ে মানুহক অহংকাৰী কৰে। আনহাতে, অতিমাত্ৰা মৰম-চেনেহেও ল'ৰা-ছোৱালীক বিপথে পৰিচালিত কৰে। সেয়েহে সকলো বস্তুৱেই পৰিমিত হাৰত হ'ব লাগে

 

(খ) ফিৰিঙতিৰ পৰা খাণ্ডৱদাহ হয়  

উত্তৰঃ- এই বাক্যটোৰ ভাব-বহলা ব্যাখ্যা এনেধৰণে কৰিব পাৰি—

"ফিৰিঙতিৰ পৰা খাণ্ডৱদাহ হয়।"

ফিৰিঙতি (চিঞৰ বা সৰু জুইৰ স্ফুলিঙ্গ) যদিও অতি ক্ষুদ্ৰ বা নগণ্য যেন লাগে, তাতেই ভয়ংকৰ অগ্নিকাণ্ডৰ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে। এই বাক্যটোত এনে এক গভীৰ অৰ্থ নিহিত আছে যে ক্ষুদ্ৰ বস্তু বা ঘটনা এটাই কেতিয়াবা ডাঙৰ বিপৰ্যয় বা পৰিণতি আনিব পাৰে

এইটো জীৱনৰ ক্ষেত্ৰতো প্ৰযোজ্য। সাধাৰণতে অতি সৰু ভুল, অবিহনে কৰা কাম, অথবা নগণ্য যেন লগা ঘটনা এটাই পৰৱৰ্তী সময়ত বৃহৎ বিপদৰ সৃষ্টি কৰিব পাৰে। এইদৰে, সাৱধানতা আৰু সুদূৰদৰ্শিতাৰ প্ৰয়োজনীয়তা এই উক্তিৰ যোগে প্ৰকাশ পাইছে

 

 

১২। তলত দিয়া শব্দবিলাকৰ সন্ধি ভাঙা আৰু পাতা

উত্তৰঃ- (ক)

ভাবাৱেগ     -     ভাৱ     +     আৱেগ 

পৰীক্ষা        -     পৰি     +     ঈক্ষা 

নিশব্দ         -      নিঃ     +      শব্দ 

ভয়াতুৰ      -      ভয়     +     আতুৰ 

যথেষ্ট          -      যথ     +      অষ্ট

 

(খ) 

 

উৎ     +     শৃঙ্খল     -     উচ্ছৃংখল

উৎ     +     শ্বাস        -      উৎশ্বাস

সম্    +      মুখ         -       সন্মুখ 

নিঃ    +      চিন্ত        -       নিশ্চিন্ত 

শিৰঃ +      ছেদ         -      শিৰচ্ছেদ

 

 

১৩। (ক) সাধুকথা আৰু চুটিগল্পৰ মাজত থকা পাৰ্থক্য লিখা

উত্তৰঃ- সাধুকথা আৰু চুটিগল্পৰ মাজত থকা পাৰ্থক্যসমূহ হ'

(i) সাধুকথা কাল্পনিক আৰু অলৌকিক। আনহাতে, চুটিগল্পৰ বাস্তৱ জীৱনৰ প্ৰতিফলন  

 

(ii) সাধুৰ পৰিসৰ বৃষ্টিত। আনহাতে, হ্ৰস্বতা চুটিগল্পৰ প্ৰধান লক্ষণ । 

 

(খ) সাধুকথাৰ বৈশিষ্ট্যবোৰ লিখা

উত্তৰঃ- সাধুকথাৰ বৈশিষ্ট্যবোৰ হ'

(i) সাধুকথা কাল্পনিক আৰু অলৌকিক

(ii) সাধুৰ পৰিসৰ বিস্তৃত

(iii) ইয়াৰ ভাষা সহজ-সৰল, মন-পৰশা

(iv) সাধুত বাস্তৱ জীৱনৰ প্ৰতিফলন নঘটে

 

 

(গ) চুটিগল্পৰ বৈশিষ্ট্যবোৰ লিখা  

উত্তৰঃ- চুটিগল্পৰ বৈশিষ্ট্যবোৰ হ' 
 

(i) চুটিগল্প বাস্তৱ জীৱনৰ প্ৰতিফলন

(ii) হ্ৰস্বতা চুটিগল্পৰ প্ৰধান লক্ষণ

(iii) চুটিগল্পৰ উপস্থাপন বৈচিত্ৰময় আৰু সমাপ্তি ইংগিতপূৰ্ণ হয়। 

(iv) কম সময়তে আৰু আয়াখতে চিত্তাকৰ্ষক কৰিব পৰাতো চুটিগল্পৰ আন এটা বৈশিষ্ট্য

 

(ঘ) অসমীয়া চুটিগল্পৰ জনক কোন? 

উত্তৰঃ- অসমীয়া চুটিগল্পৰ জনক হ' লক্ষ্মীনাথ বেজবৰুৱা

 

(ঙ) শীলভদ্ৰৰ প্ৰকৃত নাম কি?

উত্তৰঃ- শীলভদ্ৰৰ প্ৰকৃত নাম ৰেৱতীমোহন দত্ত চৌধুৰী

 

(চ) তেখেতৰ জন্ম ক'ত হৈছিল?

উত্তৰঃ- শীলভদ্ৰৰ জন্ম গৌৰীপুৰত হৈছিল

 

(ছ) শীলভদ্ৰই কোনখন গল্পসংকলনৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰে?

উত্তৰঃ- মধুপুৰ বহুদূৰ গল্প সংকলনৰ বাবে শীলভদ্ৰই সাহিত্য অকাদেমি বঁটা লাভ কৰে

 

(জ) শীলভদ্ৰৰ কোন চনত মৃত্যু হৈছিল?

উত্তৰঃ- ২০০৮ চনৰ ২৯ ফেব্ৰুৱাৰীত শীলভদ্ৰৰ মৃত্যু হৈছিল

 

Our website uses cookies to enhance your experience. Learn More
Accept !