শ্ৰী শ্ৰী শংকৰদেৱ Class 8 Assamese Chapter 8 Questions and Answers Solution .

Lokesh Chandra Das

 

 

শ্ৰী শ্ৰী শংকৰদেৱ

৩। উত্তৰ দিয়া ।

 

(ক) কবিয়ে "ধ্যানমগ্ন যোগী" বুলি কাক কৈছে ?

উত্তৰঃ- কবিয়ে "ধ্যানমগ্ন যোগী" বুলি শ্ৰী শ্ৰী শংকৰদেৱৰ কথা কৈছে ।

 

(খ) কবিয়ে কিহেৰে ভূমি পবিত্ৰ কৰাৰ কথা কৈছে ?

উত্তৰঃ- কবিয়ে গুৰুজনাৰ আৱিৰ্ভাৱ আৰু জ্ঞানৰ পবিত্ৰ কিৰণেৰে অসম ভূমিক পবিত্র কৰাৰ কথা কৈছে। 

 

(গ) কবি কাননত কি বজোৱাৰ কথা কৈছে ?

উত্তৰঃ- কবি কাননত বীণা বজোৱাৰ কথা কোৱা হৈছে ।

 

(ঘ) মৰতত কোনে কিহৰ বাতৰি আনি দিলে ?

উত্তৰঃ- গুৰু শ্ৰী শ্ৰী শংকৰদেৱে স্বৰ্গৰ বাতৰি আনি মৰতত বিলালেহি বুলি কবিয়ে কৈছে । 



(ঙ) কবিতাটোত অসমৰ ঘৰে ঘৰে কি বাজি উঠাৰ কথা কোৱা হৈছে ?

উত্তৰঃ- মধুৰ ঝঙ্কাৰ অসমৰ প্ৰতি ঘৰে ঘৰে বাজি উঠিছে বুলি কবিয়ে কৈছে ।

 

 

৫। তলৰ আঁচ টনা শব্দবোৰৰ অৰ্থ সোঁফালৰ বন্ধনীৰ ভিতৰত দিয়া আছে।সেইবোৰৰ শুদ্ধ অৰ্থ বাছি উলিয়াই লিখা । 

(ক) কোন দূৰ অতীতৰ ধ্যানমগ্ন যোগী তুমি (তন্ময় / বিস্ময় / মহান)

উত্তৰঃ- তন্ময় ।

(খ) গোটেই অসমভূমি বিস্তৃত জীৱনী যাৰ (শিপাই যোৱা / নাইকিয়া হোৱা / বিয়পি পৰা)

উত্তৰঃ- বিয়পি পৰা । 

(গ) তোমাৰ গৰিমা গীতি হৃদয়ে হৃদয়ে বাজে (যশস্যা / গঞ্জনা / লাঞ্ছনা) 

উত্তৰঃ- যশস্যা ।

(ঘ) স্বৰ্গৰ বাতৰি আনি দিলা দেৱ! মৰতত (পৃথিৱী / পাতাল / আকাশ)

উত্তৰঃ- পৃথিৱী ।


 

৭। কবিতাটোৰ পৰা শব্দ আনি খালী ঠাই পূৰ কৰা ।

উত্তৰঃ-

    মধুৰ ঝঙ্কাৰ তাৰ গভীৰ উদাৰ সুৰে

    আজিও উঠিছে বাজি অসমৰ ঘৰে ঘৰে ।

    যি বীণৰ সুৰেৰেই প্ৰেম মন্দাকিনী ধাৰা ।

    অসীম সাধনা বলে নমালা স্বৰ্গৰ পৰা ।

 

৮। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা ।

(ক) নিৰলে বজাই বীণা কোন কবি কাননত

        স্বৰ্গৰ বাতৰি আনি দিলা দেৱ মৰতত?

 

উত্তৰঃ- উক্ত কবিতাৰ কেইশাৰী আমাৰ পাঠ্যপুথি "অংকুৰণ"(অষ্টম ভাগ)ৰ বনফুলৰ কবি যতীন্দ্ৰনাথ দুৱৰাদেৱে লিখা "শ্ৰী শ্ৰী শংকৰদেৱ" নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে ।

        ইয়াত কবিয়ে শ্ৰী শ্ৰী শংকৰদেৱে কেনেদৰে একান্ত সাধনাৰে কাব্যসমূহ ৰচনা কৰি মানুহক ঈশ্বৰৰ জ্ঞান দিছিল সেই কথা বুজাব বিচাৰিছে । 

        শ্ৰী শ্ৰী শংকৰদেৱে নাম ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে বহুতো গ্ৰন্থ ৰচনা কৰিছিল। তেখেতে সাধাৰণ মানুহে বুজিব পৰাকৈ ঈশ্বৰৰ মহিমা প্ৰকাশক এই গ্ৰন্থসমূহ লিখিছিল। সেই সময়ত এনেদৰে সাহিত্য-সংস্কৃতিৰ চৰ্চা কৰা বৰ বেছি মানুহ নাছিল । তেখেতে প্ৰায় অকলেই সাহিত্যৰ জগতখনত অশেষ কষ্ট কৰি মানুহৰ মাজলৈ ঈশ্বৰৰ বাতৰি আনি দিছিল। মানুহে তেওঁৰ লেখনিৰ যোগেদি ঈশ্বৰৰ জ্ঞান লাভ কৰিব পাৰিছিল । 



(খ) তোমাৰ জীৱনী দেৱ! লিখে এনে সাধ্য কাৰ

        গোটেই অসম ভূমি বিস্তৃত জীৱনী যাৰ ।

উত্তৰঃ- উক্ত কবিতাৰ জৰিয়তে আমাৰ পাঠ্যপুথি "অংকুৰণ" (অষ্টম ভাগ)ৰ অন্তৰ্গত যতীন্দ্ৰনাথ দুৱৰাদেৱে ৰচনা কৰা "শ্ৰী শ্ৰী শংকৰদেৱ" নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে ।

        ইয়াত কবিয়ে গুৰুজনাৰ প্ৰতিভা তথা অসমৰ সাহিত্য-সমাজ-সংস্কৃতিত থকা তেখেতৰ অৱদানৰ কথা ক'বলৈ গৈ এনেদৰে উল্লেখ কৰিছে । 

 

        শ্ৰী শ্ৰী শংকৰদেৱ কেৱল ধৰ্মগুৰুৱেই নাছিল । তেখেতে অসমৰ সমাজ-সংস্কৃতিৰ সকলো দিশলৈকে নতুন চিন্তাৰ প্ৰবাহ বোৱাই আনি অসমখনক নতুনকৈ সজাইছিল । অসমৰ প্ৰতিটো দিশতে তেখেতৰ অৱদান অসীম। সেয়েহে কবিয়ে কৈছে যে এনে এজন বিশাল ব্যক্তিত্বৰ মহাপুৰুষৰ বিষয়ে আৰু তেখেতৰ অৱদানৰ বিষয়ে কেৱল মাত্ৰ এখন জীৱনীতে লিখি সীমাবদ্ধ কৰিব নোৱাৰি । কাৰণ অসমৰ প্ৰতিজন মানুহৰ অন্তৰতে, প্ৰতিজন মানুহৰ ঘৰতে, সমাজৰ প্ৰতিটো দিশতে তেখেতৰ জ্ঞান আৰু অৱদান বিস্তৃত হৈ আছে ।

 

 

৯। শেষৰ ধ্বনি মিল থকা শব্দবোৰ কবিতাটোৰ পৰা বাছি উলিয়াই লিখা ।

উদাহৰণ 一 তুমি 一 ভূমি

উত্তৰঃ-

সাজে 一 বাজে

জ্ঞান 一 দান

ধাৰা 一 পৰা

সুৰে 一 ঘৰে

সদাচাৰ 一 ব্যৱহাৰ

 

১০। চমুকৈ লিখা ।

(ক) 'স্বৰ্গৰ বাতৰি আনি দিলা দেৱ মৰতত?'............ ইয়াত উল্লেখ কৰা 'স্বৰ্গৰ বাতৰি' কি, বুজাই লিখা।

উত্তৰঃ- ইয়াত 'দেৱ' শব্দই মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱক বুজাইছে। 'মৰত' শব্দৰ অৰ্থ যদিও পৃথিৱী ইয়াত অসমভূমিক বুজাইছে। স্বৰ্গৰ অমৰ কাহিনী মহাপুৰুষ জনাই ভক্তি-ধৰ্ম সাহিত্য-সংস্কৃতিৰ অমৃত ধাৰা বুৱাই অসম ভূমিক প্ৰৱিত্ৰ কৰাৰ কথা কোৱা হৈছে।

 

(খ) কবিয়ে উল্লেখ কৰা মতে শংকৰদেৱে অসমক কি দান দিলে আৰু কিহক নতুন সাজেৰে সজালে?

উত্তৰঃ- কবিয়ে উল্লেখ কৰা মতে মহাপুৰুষ শংকৰদেৱে অসমক ভক্তি, ধর্ম, ভাষা, সংস্কৃতি-সাহিত্য, ৰীতি-নীতি আদি দান দি অসমৰ সকলোকে নতুন সাজেৰে সজালে ।

 

(গ) 'কত যতনেৰে দেৱ! গাঁথিলা এই মালাধাৰি।' 一 ইয়াত কোনে কি মালা গাঁথাৰ কথা কৈছে বুজাই লিখা ।

উত্তৰঃ- 'কত যতনেৰে দেৱ! গাঁথিলা এই মালাধাৰি।' 一 ইয়াত মহাপুৰুষ শংকৰদেৱে মালা গাঁথাৰ কথা কৈছে।

 

(ঘ) শংকৰদেৱে অসমীয়া সমাজৰ পৰা কি কি আঁতৰালে ?

উত্তৰঃ- শংকৰদেৱে অসমীয়া সমাজৰ পৰা ক্ষুদ্রস্বার্থ, ভিনভাৱ, সৰু-বৰ এনেবাৰে ভাৱ আঁতৰালে ।

 

ব্যৱহাৰিক ব্যাকৰণঃ

 

১১। তলত দিয়া শব্দসমূহৰ সমাৰ্থক শব্দ পাঠৰ পৰা বাছি উলিয়াই লিখা ।

উত্তৰঃ-

পৃথিৱী 一 মৰত, ধৰণী, ধৰা

মৰম 一 আদৰ

সন্ন্যাসী 一 যোগী

অন্তৰ 一 হৃদয়, হিয়া

বাগিচা 一 কানন

গংগা 一 মন্দাকিনী

গৌৰৱ 一 গৰিমা

মিঠা 一 মধুৰ

 

১২। তলত দিয়া শব্দসমূহৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা ।

উত্তৰঃ-

অতীত 一 বৰ্তমান

পুণ্য 一 পাপ

প্ৰেম 一 ঘৃণা

পবিত্ৰ 一 অপবিত্ৰ

জীৱন 一মৰণ

অশেষ 一 শেষ

 

১৩। কবিতাটোৰ পৰা বিশেষ্য আৰু বিশেষণ পদবোৰ বাছি উলিয়াই দুখন তালিকা প্ৰস্তুত কৰা ।

উত্তৰঃ- বিশেষ্যঃ- যোগী, বীণা, কানন, মৰত, মন্দাকিনী, স্বর্গ, অসম, ভাষা, দেৱ, বেদ, সাধনা ইত্যাদি ।

বিশেষণঃ- পুণ্য, প্ৰৱিত্ৰ, মধুৰ, গভীৰ, অসীম, ক্ষুদ্র, সৰু, বৰ ইত্যাদি ।

 

১৫। এটা শব্দত প্ৰকাশ কৰা ।

(ক) কেৱল এজন দেৱতাৰ ওচৰত শৰণ লোৱা 一 একশৰণ ।

 

(খ) বিষ্ণুক ভক্তি কৰে যি 一 বৈষ্ণৱ ।

(গ) একে গুৰুৰ শিষ্য 一 হৰিভকত, সতীৰ্থ ।

(ঘ) পিতৃ-মাতৃহীন সন্তান 一 ঘাট-মাউৰা ।

 

(ঙ) সত্ৰ সম্বন্ধীয় 一 সত্ৰীয়া ।

 

Our website uses cookies to enhance your experience. Learn More
Accept !