জনসংখ্যা বৃদ্ধি আৰু বিতৰণ Class 8 Social Science Chapter 1 Questions Answer Solution .

Lokesh Chandra Das

 

জনসংখ্যা বৃদ্ধি আৰু বিতৰণ



ক) কোনটো  অঞ্চলত  জনসংখ্যা  আটাইতকৈ বেছি ? 

১) নিৰক্ষীয় অঞ্চল,  ২) উত্তৰ মেৰু,  ৩) পূব এছিয়া , ৪) আফ্ৰিকাৰ চাহাৰা মৰুভূমি

উত্তৰঃ ৩) পূব এছিয়া । 

 

খ) কোনখন  মহাদেশৰ  জনসংখ্যা  সৰ্বাধিক ? 

১) ইউৰোপ,  ‌২) আফ্ৰিকা, ৩) এছিয়া,  ৪) অষ্ট্ৰেলিয়া

উত্তৰঃ ৩) এছিয়া । 

 

গ) ২০১১ চনত  অসমৰ  জনসংখ্যা  কিমান  আছিল ?

১) ২.২৪ কোটি,  ২) ৩.১২ কোটি , ৩) ২.৩৫ কোটি,  ৪) ২.৪৬ কোটি

উত্তৰঃ ২) ৩.১২ কোটি ।

ঘ) তলত  উল্লেখ  কৰা  কোনখন  মহাদেশত  মানুহৰ  স্থায়ী  বসতি  নাই?

১) এছিয়া,  ২) দক্ষিণ আমেৰিকা,  ৩) কুমেৰু বা এন্টাৰ্কটিকা,   ৪) ইউৰোপ

উত্তৰঃ ৩) কুমেৰু বা এন্টাৰ্কটিকা ।



ঙ) পৃথিৱীৰ ভিতৰত আটাইতকৈ জনবহুল দেশখন হ'ল-

(১) ভাৰত,  (২)  পাকিস্তান ,  (৩)  ৰাছিয়া,  (৪) চীন

উত্তৰঃ ৪) চীন ।


২) খালী ঠাই পূৰণ কৰাঃ

উত্তৰঃ

ক) জনসংখ্যা বৃদ্ধি শব্দটোৱে জনসংখ্যাৰ সংখ্যাগত বৃদ্ধিক বুজায় ।

খ) পৃথিৱীৰ বেছিভাগ মানুহে উত্তৰ গোলাৰ্ধত বসতি কৰে ।

গ) প্ৰতি বৰ্গ কিলোমিটাৰ এলেকাত যিমান সংখ্যক লোকে বসতি কৰে সিয়েই সেই ঠাইখনৰ জনসংখ্যাৰ ঘনত্ব ।

ঘ) এখন ঠাই ত্যাগ কৰি কোনো এখন নতুন ঠাইলৈ গৈ বসতি কৰিবলৈ ল’লে নতুন ঠাইখনক প্ৰব্ৰজনৰ লক্ষ্যস্থান বোলে ।


৩। চমুটোকা লিখাঃ

ক) মানৱ সম্পদৰ উন্নয়নঃ 

উত্তৰঃ দেশ এখনৰ সকলোখিনি মানুহেই শিক্ষা, কৰ্মদক্ষতা, কাৰিকৰী, কৌশল, বুদ্ধিমত্তা ইত্য়াদি দিশত সমপৰ্যায়ৰ নহয় । কৰ্মকুশলতা, উৎপাদনমুখী দক্ষতা, জ্ঞান-বুদ্ধি ইত্যাদি মানৱ সম্পদৰ কিছুমান গুণগত বৈশিষ্ট্য । মানৱ সম্পদ সমাজ তথা দেশৰ উন্নতিৰ ভেটিস্বৰূপ । এনে মানৱ সম্পদক উপযুক্তভাৱে গঢ়ি তোলাকে মানৱ সম্পদৰ উন্নয়ন বা বিকাশ বুলি ক'ব পাৰি। গতিকে মানৱ সমপ্দৰ বিকাশ মানে সম্পদ হিচাপে মানুহৰ গুণগত উৎকৰ্ষ সাধন । ইয়াৰ বাবে  চৰকাৰৰ উপযুক্ত আঁচনি থকা দৰকাৰ । সমাজৰ সকলো শ্ৰেণীৰ লোকৰ বাবে সম্পদ, শিক্ষা, সুস্বাস্থ্য, উপযুক্ত কৰ্মসংস্থাপন আদিৰ ব্যৱস্থা যথাযথভাৱে নিশ্চিত কৰাটোৱেই হৈছে মানৱ সমপ্দ উন্নয়নৰ মূল চৰ্ত । জনসংখ্যাৰ গুণগত বিকাশ হ'লে মানৱ সম্পদৰ বিকাশ হোৱা বুলি ক'ব পাৰি ।

 

খ) জনসংখ্যাৰ থুপীকৰণঃ

উত্তৰঃ জনসংখ্যাৰ বিতৰণ ঠাই বিশেষে ঘন, মজলীয়া আৰু পাতল হোৱা দেখা যায়। অতীজত পৃথিৱীৰ বহুতো অঞ্চলত নদী উপত্য়কাকেন্দ্ৰিক সভ্যতাৰ বিকাশ ঘটিছিল । এনে অঞ্চলবোৰত জনবসতি কেন্দ্ৰীভূত হৈছিল । সাধাৰণতে নদী উপত্য়কা আৰু উপকূলীয় সমভূমি অঞ্চলৰ মাটি কৃষিকাৰ্যৰ বাবে উপযোগী । তদুপৰি এনে অঞ্চলবোৰত উদ্যোগ, পশুপালন আদিৰ বাবে প্ৰয়োজনীয় পানীৰ সুবিধাও থাকে । মাছ ধৰা বৃত্তি আৰু কম খৰচী যাতায়তৰ সুবিধা থকাৰ কাৰণে আজিও এনে অঞ্চলবোৰত জনবসতি ঘন আৰু নগৰৰ সংখ্যাও বেছি । সাধাৰণতে যিবোৰ ঠাইত প্ৰাকৃতিক বা মানৱসৃষ্ট সুবিধাৰ ভিত্তিত বসতি অতি ঘন তাতেই জনসংখ্যাৰ থূপীকৰণ ঘটা বুলি ক'ব পাৰি । 

 

গ) জনসংখ্যাৰ বিস্ফোৰণঃ 

উত্তৰঃ বিভিন্ন সময়ত সংঘটিত প্ৰাকৃতিক দুৰ্যোগ, মহামাৰী আদিৰ ফলত ব্যাপক সংখ্যক মানুহৰ জীৱন হানি ঘটিলেও মানুহৰ বৃদ্ধিৰ গতি স্তব্ধ হোৱা নাই । কিন্তু পৰবৰ্তী সময়ত চিকিৎসা ব্যৱস্থাৰ উন্নতি ঘটাত মহামাৰীসমূহ নিয়ন্ত্ৰণলৈ অহাৰ লগতে বেমাৰ–আজাৰবোৰ উন্নত চিকিৎসাৰে নিৰাময় কৰিব পৰা হোৱাত মানুহৰ মৃত্যুৰ হাৰ কমি আহে । ইয়াৰ ফলত ঊনবিংশ শতিকাৰ আৰম্ভণিৰ পৰা  জনসংখ্যা ক্ষিপ্ৰগতিত বৃদ্ধি হবলৈ ধৰে । জনসংখ্যাৰ এনে অভাৱনীয় পৰিবৰ্তনক জনসংখ্যাৰ বিস্ফোৰণ বোলা হৈছে । 

 

৪) বহলাই লিখা (৮০টা মান শব্দৰ ভিতৰত)

 জন প্ৰব্ৰজন   কাক বোলে ? ইয়াৰ কাৰণবোৰ কি কি? জন প্ৰব্ৰজনৰ ফলাফল কেনেধৰণৰ ?

উত্তৰঃ অতীতকালৰপৰাই মানুহে এঠাইৰপৰা অন্য় এঠাইলৈ গৈ বসতি স্থাপন কৰি আহিছে । কিছুসংখ্যক লোকে কৰ্মসূত্ৰে বা আন কোনো কাৰণত অন্য এখন ঠাইলৈ গৈ স্থায়ী বা সাময়িকভাৱে বসতি কৰা কাৰ্যক জন-প্ৰবজন বোলে ।

  জনপ্ৰব্ৰজনৰ কাৰণসমূহ হ’ল–সাধাৰণতে যুদ্ধ – বিগ্ৰহ, প্ৰাকৃতিক দুৰ্যোগ, মহামাৰী, বানপানী, গৰাখহনীয়া, খাদ্যসংকট, ৰাজনৈতিক সংকট, আদি কাৰণত মানুহে এখন ঠাই ত্যাগ কৰি আন এখন ঠাইলৈ প্ৰব্ৰজন কৰে । বৰ্তমান সময়ত উন্নত শিক্ষাগ্ৰহণ, কৰ্মসংস্থাপন, নিৰাপদ জীৱন–যাপন আদিৰ বাবেও প্ৰব্ৰজন ঘটে। উদ্যোগ, কাৰখানা নিৰ্মাণ কাৰ্য আদিত সংস্থাপন বিচাৰি সাধাৰণতে গাঁও অঞ্চলৰ পৰা নগৰলৈ মানুহৰ প্ৰব্ৰজন ঘটা দেখা যায় । মুম্বাই, গুজৰাট, দিল্লী, অন্ধ্ৰপ্ৰদেশ আদিৰ ঔদ্যোগিক ক্ষেত্ৰসমূহলৈ দেশখনৰ বিভিন্ন ৰাজ্যৰ পৰা কৰ্ম সংস্থাপন বিচাৰি মানুহে প্ৰব্ৰজন কৰিছে ।  এনেদৰে কৰ্মক্ষম সম্পদ হিচাপে এঠাইৰ পৰা আন ঠাইলৈ মানুহৰ প্ৰব্ৰজন ঘটিছে । 

   জনপ্ৰব্ৰজনৰ ফলাফল সমূহ তলত উল্লেখ কৰা হ’ল– জনপ্ৰব্ৰজনৰ মাত্ৰা অধিক হ’লে‌ লক্ষ্যস্থানত হঠাতে জনসংখ্যা দ্ৰুত গতিত বৃদ্ধি পায় । ইয়ে ঠাইখনত ভূমি আৰু অন্যান্য সম্পদৰ জনমূৰি পৰিমাণ হ্ৰাস কৰে । ইয়াৰ উপৰিও কেতিয়াবা কোনো কোনো প্ৰব্ৰজন লক্ষ্যস্থানত ৰাজনৈতিক, ভাষা–সংস্কৃতিৰ সংকটে দেখা দিব পাৰে । 

 

Our website uses cookies to enhance your experience. Learn More
Accept !