শিশু লীলা Class 8 Assamese Chapter 15 Questions and Answers Solution .

Lokesh Chandra Das


শিশু লীলা

 

 

১। উত্তৰ দিয়া।

(ক) 'শিশু-লীলা' ঘোষাটি কোনে ৰচনা কৰিছিল?

উত্তৰঃ- 'শিশু-লীলা' ঘোষাটি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰিছিল ।

 

(খ) 'শিশু-লীলা'ত কাৰ কথা কোৱা হৈছে?

উত্তৰঃ- 'শিশু-লীলা'ত শিশু শ্ৰীকৃষ্ণৰ কথা কোৱা হৈছে ।

 

(গ) শিশু কৃষ্ণই কাৰ কাৰ লগত খেলিছিল?

উত্তৰঃ- শিশু কৃষ্ণই বলোৰামকে আদি কৰি সমনীয়া গোপাল বালকসকলৰ সৈতে খেলিছিল ।

 

(ঘ) খেলি থকা সময়ত কৃষ্ণই কি খাইছিল?

উত্তৰঃ- খেলি থকা সময়ত কৃষ্ণই মাটি খাইছিল ।

 

(ঙ) গোপশিশুসকলে যশোদাক কি গোচৰ দিছিল?

উত্তৰঃ- গোপশিশুসকলে যশোদাক শ্ৰীকৃষ্ণই মাটি খাই থকাৰ গোচৰ দিছিল ।

 

(চ) গোপবালকসকলৰ কথা শুনি যশোদাই কি কৰিলে?

উত্তৰঃ- গোপবালকসকলৰ কথা শুনি যশোদাই শ্ৰীকৃষ্ণৰ ওচৰলৈ গৈ খঙত কিয় মাটি খালি বুলি সুধিলে আৰু কোবাই ছাল ফটাই দিব বুলি ধমক দিলে। পিছত বালক কৃষ্ণই মাটি খোৱাৰ কাৰণ ক'বলৈ মুখ মেলোতে যশোদাই তেওঁৰ মুখৰ ভিতৰত গোটেই জগতখন দেখি আচৰিত হৈছিল ।

 

(ছ) বলাই বুলি কাক কোৱা হৈছে আৰু কৃষ্ণৰ লগত তেওঁৰ সম্পৰ্ক কি?

উত্তৰঃ- বলাই বুলি বলোৰামক কোৱা হৈছে আৰু কৃষ্ণৰ লগত তেওঁৰ সম্পৰ্ক ককাই-ভাইৰ দৰে ।

 

২। কোনে, কাক, কিয় কৈছিল লিখা।

(ক) কেনে মাটি খাইলি অৰে গোপাল।

কোবাই আজি তোৰ ফাৰিবো ছাল।।

উত্তৰঃ- ওপৰোক্ত কথাফাঁকি মাতৃ যশোদাই শিশু কৃষ্ণক কৈছিল। গোৱালসকলে মাতৃ যশোদাক শ্ৰীকৃষ্ণই মাটি খোৱা বুলি অভিযোগ দিয়াৰ পিছত তেওঁ শ্ৰীকৃষ্ণক চাবলৈ আহি এনেদৰে কৈছিল ।

 

(খ) মাতন্ত কৃষ্ণে যশোদাক চাই।

মিছা মাতে সৱে শুনিয়ো আই।।

উত্তৰঃ- মাতৃ যশোদাই যেতিয়া শিশু কৃষ্ণক কিয় মাটি খাইছিল বুলি প্ৰশ্ন কৰিছিল তাৰ উত্তৰত শ্ৰীকৃষ্ণই ওপৰোক্ত কথাফাঁকি কৈছিল ।

 

৩। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা।

(ক) যশোদা সুন্দৰী দেখন্ত পাছে।

    সমস্ত জগত গৰ্ভতে আছে।।

উত্তৰঃ- উক্ত কথাশাৰী আমাৰ পাঠ্যপুথি 'অংকুৰণ'ৰ অন্তৰ্গত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত 'শিশু-লীলা' নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে।

         শ্ৰী কৃষ্ণই মাটি খোৱা প্ৰসংগত উক্ত কথাফাঁকিৰ অৱতাৰণা কৰা হৈছে।

            শিশু কৃষ্ণই নিজৰ সমনীয়া গোৱালসকলৰ সৈতে খেলি থকা অৱস্থাত সাধাৰণ শিশুৰ দৰেই মাটিৰ লদা মুখলৈ নি অমৃত সেৱন কৰাৰ দৰে কৰিছিল। কৃষ্ণৰ এই দুষ্টালিৰ কথা গোৱালসকলে মাতৃ যশোদাৰ আগত অভিযোগ কৰি কৈছিল। এই কথা শুনি মাতৃ যশোদাই শিশু কৃষ্ণৰ ওচৰলৈ আহি কিয় মাটি খাইছে বুলি ধমক দি সুধিছিল। কৃষ্ণই ভয় খাই মাতৃ যশোদাক লগৰীয়াসকলে মিছাকৈ কোৱা বুলি কৈছিল। লগতে তেওঁ কৈছিল যে, মই কেতিয়াও মাটি মুখত নিদিওঁ। ইয়াৰ পিছত যশোদাই কৃষ্ণক মুখ মেলি দেখুৱাবলৈ কওঁতে মুখৰ ভিতৰত সমস্ত জগতখন দেখি আচৰিত হৈছিল আৰু গোটেই জগতখন যে শ্ৰীকৃষ্ণৰ গৰ্ভতে আছে তাকো বুজি উঠিছিল ।

 

৪। খালী অংশত শব্দ ভৰোৱা।

   (ক) যত গোপ শিশু বলাই আদি।

        সৱে ভৈল গৈয়া কৃষ্ণৰ বাদী।।

        যশোদাৰ আগে দিলেক খল।

        খাইলন্ত কৃষ্ণে মাটি একদল।।

 

    (খ) শুনিয়া কৃষ্ণৰ হৰিল মাত।

      চক্ষু টেৰ কৰি মাৱক চান্ত।।

      ভয়তে যেন কাম্পৈ হাত-ভৰি।

      যশোদা দেখে পুত্ৰ গৈল ডৰি।।

 

৫। 'শিশু-লীলা'ৰ কথাখিনি গদ্যৰূপত লিখা ।

উত্তৰঃ- বালক কৃষ্ণই ব্ৰজধামৰ শিশুবিলাক আৰু ককায়েক বলৰামৰ লগত খেলি আছিল শ্ৰী-কৃষ্ণই মাটি খোৱা বুলি শিশুসকলে যশোদাৰ আগত লগাই দিলে । এই কথা শুনি যশোদাই পুতেকৰ হাতত ধৰি ক'লে তই মাটি কিয় খাইছিলি, তোক আজি মই কোবাই পিঠিৰ ছাল ছিঙিম । সেই কথা শুনি কৃষ্ণই ভয় খাই কপিবলৈ ধৰিছে আৰু মাকক কেৰাহিকৈ চাইছে । কৃষ্ণই ক'লে মই মাটি খোৱা নাই, তাৰ উত্তৰত যশোদাই ক'লে তোৰ ককায়েৰ বলোভদ্ৰ আৰু লগৰবোৰে কি মিছা কথা ক'ব নেকি । কৃষ্ণই ক'লে মই মাটি খোৱা নাই শিশুসকলে আৰু দাদাই মিছা কথা কৈছে । যশোদাই ক'লে তই যদি মাটি খোৱা নাই তোৰ মুখখন মেলি দে মই চাঁও । কৃষ্ণই নিজৰ মুখখন মেলি দিলে । কৃষ্ণৰ মুখখন দেখি যশোদা হতভম্ব হৈ ৰৈ যে গোটেই জগতখন কৃষ্ণৰ মুখৰ ভিতৰতে আছে । এইখিনিয়ে এই কবিতাটোৰ গদ্য ৰূপ । 

 

৬। তলৰ পদফাকি পঢ়া আৰু আধুনিক অসমীয়া গদ্য ৰূপটো জানি লোৱা ।  

      শুনিয়ো যশোদা সুন্দৰী হাসি।

      পুত্ৰৰ হাতত ধৰিলা আসি।।

      কেনে মাটি খাইলি অৰে গোপাল।

      কোবাই আজি তোৰ ফাৰিবো ছাল।।

আধুনিক অসমীয়া গদ্য় ৰূপ 一

        গোপবালকসকলৰ কথা শুনি যশোদাই হাঁহি পুত্ৰৰ হাতত ধৰিলেহি আৰু ক'লে 一

"হেৰ গোপাল, তই কিয় মাটি খালি? কোবাই আজি তোৰ ছাল ছিঙিম।"

 

সেইদৰে তলৰ পদকেইফাকি পঢ়া আৰু অৰ্থ প্ৰকাশ হোৱাকৈ আধুনিক অসমীয়া গদ্য ৰূপত লিখা।

(ক) যত গোপ শিশু বলাই আদি।

     সৱে ভৈল গৈয়া কৃষ্ণৰ বাদী।।

উত্তৰঃ- বলোৰামকে আদি কৰি যিমান গোপ শিশু আছিল সকলোৱে কৃষ্ণৰ কথাত ভোল গৈছিল ।

 

(খ) শুনিয়া কৃষ্ণৰ হৰিল মাত।

     চক্ষু টেৰ কৰি মাৱক চান্ত।।

     ভয়তে যেন কাম্পৈ হাত-ভৰি।

     যশোদা দেখে পুত্ৰ গৈল ডৰি।।

উত্তৰঃ- শুনি কৃষ্ণৰ মুখৰ মাত হৰিল আৰু চকু তেৰা কৰি মাকৰ ফালে চালে। যশোদাক দেখি কৃষ্ণই ভয় খালে আৰু ভয়তে যেন হাত-ভৰি কঁপিবলৈ ধৰিলে ।

 

 

ব্যৱহাৰিক ব্যাকৰণঃ

 

৭। তলৰ শব্দবোৰৰ আধুনিক অসমীয়া ৰূপ লিখা।

উদাহৰণ 一 হাসি  一  হাঁহি ।

উত্তৰঃ-

চক্ষু          -      চকু।

মাতন্ত      -      মাতিলে।

মাৱক       -       মাকক।

প্ৰকাশিয়া  -     প্ৰকাশ কৰিলে।

ফাৰিবো    -     ফটাব।

শুনিয়া      -     শুনি।

 টেৰ         -     তেৰা / বেঁকা।

 সমস্ত      -      গোটেই, সমগ্ৰ।

 সোধন্ত    -     সুধিলে।

 কাম্পৈ    -    কঁপি।

 

৮। বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা।

উত্তৰঃ-

   সুন্দৰী    一     কুৎসিত, অসুন্দৰী।

   পুত্ৰ       一     পুত্রী / কন্যা।

   ভাই       一     ভনী, ককাই।

   আই      一      বোপাই।

   দাদা      一      বাইদেউ।

   নাৰী      一     পুৰুষ।

 

৯। শেষৰ ধ্বনিৰ মিল থকা শব্দ পাঠৰ পৰা বিচাৰি লিখা।

উত্তৰঃ-

উদাহৰণ 一 হৰি    一     ধৰি 

আদি     一     বাদী

খল        一    একদল

হাসি     一     আসি

ভৰি      一     ডৰি

চাই       一     ভাই

মাটি     一     ঘাটি

মাতি    一     আতি

পাছে   一     আছে

বেথা    一     কথা

 

১০। তলৰ পদকেইফাকিলৈ মন কৰা ।

(ক) কেনে মাটি খাইলি অৰে গোপাল।

(খ) কিয় মাটি খাইলি সোধন্ত কথা।।

            一 এই বাক্য় দুটাই প্ৰশ্ন সোধাটো বুজাইছে। সেইদৰে আধুনিক অসমীয়া ভাষাতো কোনে, কেনেকৈ, কিয়, কি, ক'লৈ, কেতিয়া আদি শব্দ ব্য়ৱহাৰ কৰি প্ৰশ্নবোধক বাক্য় গঠন কৰা হয়।

 

উদাহৰণত দিয়াৰ দৰে তলৰ বাক্য়বোৰ প্ৰশ্নবোধক বাক্য়লৈ নিয়া।

উদাহৰণ, নিজৰাই ভাত ৰান্ধিছে।

                 কোনে ভাত ৰান্ধিছে?

(ক) তেওঁলোক বাছেৰে স্কুললৈ যায়।

উত্তৰঃ- তেওঁলোক কিহেৰে স্কুললৈ যায়?

 

(খ) আমি বল খেলি আছোঁ ।

উত্তৰঃ- কোনে বল খেলি আছে?

 

(গ) জ্বৰ উঠা বাবে বিমল স্কুললৈ যোৱা নাই ।

উত্তৰঃ- বিমল স্কুললৈ কিয় যোৱা নাই?

 

(ঘ) ৰতন দিল্লীলৈ গৈছিল ।

উত্তৰঃ- ৰতন ক'লৈ গৈছিল?

 

(ঙ) মই চাৰি বজাত ঘৰ পামহি।

উত্তৰঃ- তুমি কেই বজাত ঘৰ পাবাহি?

 

(চ) সি গান গাই আছে।

উত্তৰঃ- সি কি কৰি আছে?

 

১১। খাইলন্ত, দেখন্ত, মাতন্ত, চান্ত আদি শব্দকেইটাই একো একোটা কাম কৰা বুজাইছে। ইতিমধ্যে তোমালোকে কোনো কাম কৰা, হোৱা বা নোহোৱা, থকা বা নথকা আদি বুজোৱা পদক ক্ৰিয়াপদ বুলি জানি আহিছা। পাঠৰ পৰা এনেধৰণৰ কাম সম্পাদন কৰা বা নকৰা পদকেইটা বাছি উলিয়াই লিখা।

উত্তৰঃ- কৰন্ত, খাইলন্ত, শুনিয়া, খাইলি, ফাৰিবো, হৰিল, কাম্পৈ, সোধন্ত, চাহন্তে, চান্ত, গৈল,

 মাতন্ত ।

 

১২। তলত একোটা শব্দৰে ভিন্ ভিন্ অৰ্থ দিয়া হৈছে । অৰ্থ প্ৰকাশ হোৱাকৈ

 শব্দবোৰেৰে বাক্য সাজা ।

উত্তৰঃ-

দল (লদা, দলি)- মাটিদল মুখলৈ নিব লওঁতেই কেঁচুৱাটোক মাকে দেখা পালে ।

দল ( সমূহ, জাক)- তেওঁলোকৰ দলটো বিয়ানাম প্ৰতিযোগিতাত প্ৰথম হৈছিল ।

বাদী (ফাঁকি, মিছা ভাও)- শ্ৰী কৃষ্ণৰ বাদীত সকলো ভোল গৈছিল ।

বাদী ( কওঁতা, প্ৰকাশ কৰোঁতা)- ৰজাৰ আগত কথাটোৰ বাদী তেওঁৱেই আছিল ।

ঘাটি (দায়, জগৰ, মিছা অপৰাধ)- কি ঘাটিত তেওঁ জেল খাটিব লগা হৈছিল কোনেও

 বুজিব পৰা নাছিল ।

ঘাটি (পহৰাৰ ঠাই, আড্ডা, চকি) জুইৰ ঘাটিত সকলোৱে ৰং- ৰইচেৰে এসাঁজ খাইছিল ।

 

 

Our website uses cookies to enhance your experience. Learn More
Accept !