হোমি জাহাংগীৰ ভাবা Class 8 Assamese Chapter 13 Questions and Answers Solution .

Lokesh Chandra Das

 

 

হোমি জাহাংগীৰ ভাবা

 

১। পাঠটো পঢ়ি প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া ।

(ক) টোপনি পাতল ল'ৰাজনৰ নাম কি?

উত্তৰঃ- টোপনি পাতল ল'ৰাজনৰ নাম হোমি জাহাংগীৰ ভাবা ।

 

(খ) ল'ৰাজনৰ টোপনি পাতল হোৱাৰ কাৰণ কি আছিল? 

উত্তৰঃ- ল'ৰাজনৰ টোপনি পাতল হোৱাৰ কাৰণ আছিল ল'ৰাজন অতিশয় তীক্ষ্ণ বুদ্ধিৰ আছিল আৰু সেইবাবে তেওঁৰ মস্তিষ্কত অনবৰতে চিন্তাশক্তিৰ প্ৰবাহ বৈ থাকিছিল ।

 

(গ) চিকিৎসকক দেখুৱাই অনাৰ পাছত মাক-দেউতাকে ল'ৰাজনৰ বাবে কেনে ব্যৱস্থা ল'লে?

উত্তৰঃ- চিকিৎসকক দেখুৱাই অনাৰ পাছত মাক-দেউতাকে ল’ৰাজনৰ বাবে মনোযোগ বিজ্ঞানৰ প্ৰতি আকৰ্ষিত কৰিবলৈ চেষ্টা কৰিলে ।

 

(ঘ) হোমি জাহাংগীৰ ভাবাৰ কি কি বিষয়ত ৰুচি আছিল?

উত্তৰঃ- হোমি জাহাংগীৰ ভাবাৰ ভৌতিক শাস্ত্ৰ, গণিত শাস্ত্ৰৰ লগতে সংগীত আৰু চিত্ৰকলা বিষয়ত ৰুচি আছিল ।

 

(ঙ) তেখেত লণ্ডনলৈ কিয় গৈছিল?

উত্তৰঃ- তেখেত লণ্ডনলৈ ইঞ্জিনিয়াৰিং পঢ়িবলৈ গৈছিল । 

 

(চ) 'দোৰাবজী টাটা ট্ৰাষ্ট'ৰ সহায়ত তেখেতে কি অনুষ্ঠান প্ৰতিষ্ঠা কৰে? 

উত্তৰঃ- 'দোৰাবজী টাটা ট্ৰাষ্ট'ৰ সহায়ত তেখেতে 'টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেণ্টেল ৰিছাৰ্চ' প্ৰতিষ্ঠা কৰে ।

 

(ছ) স্বাধীনতাৰ পাছত তেখেত কি আয়োগৰ মুৰব্বী হিচাপে নিযুক্ত হৈছিল? 

উত্তৰঃ- স্বাধীনতাৰ পাছত তেখেত পৰমাণু শক্তি আয়োগৰ মুৰব্বী হিচাপে নিযুক্ত হৈছিল ।

 

(জ) তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই কি অনুষ্ঠান প্ৰতিষ্ঠা কৰা হৈছিল? 

উত্তৰঃ- তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই 'ভাবা পাৰমাণৱিক গৱেষণা কেন্দ্ৰ' প্ৰতিষ্ঠা কৰা হৈছিল ।

 

২। 'লাহে লাহে কিতাপবোৰ ল'ৰাজনৰ সংগী হৈ পৰিল।' ইয়াত ল'ৰাজন বুলি কাৰ কথা কোৱা হৈছে? কিতাপবোৰ কেনেদৰে তেখেতৰ সংগী হৈ পৰিল? বুজাই লিখা ।

উত্তৰঃ- ইয়াত ল'ৰাজন বুলি হোমি জাহাংগীৰ ভাবাৰ কথা কোৱা হৈছে। যেতিয়া টোপনি পাতল ল'ৰাজনক মাক-দেউতাকে চিকিৎসকৰ ওচৰলৈ লৈ গৈছিল তেতিয়া চিকিৎসকে তেওঁৰ মস্তিষ্কত অনবৰতে চিন্তাশক্তিৰ প্ৰবাহ বৈ থকাৰ কথা কৈছিল। এই কথা শুনি ল'ৰাজনৰ মাক-দেউতাকে তেওঁক বিজ্ঞানৰ প্ৰতি আকৰ্ষিত কৰিবলৈ সিদ্ধান্ত ল'লে আৰু সেই অনুসৰি ঘৰতেই বিজ্ঞানৰ কিতাপ-পত্ৰবোৰৰ দ্বাৰা এটা গ্ৰন্থাগাৰ সদৃশ সাজি দিলে। লাহে লাহে ল'ৰাজনে এই কিতাপবোৰ পঢ়ি ভাল পোৱা হ'ল আৰু কিতাপৰ মাজতেই সময় কটাব ল'লে। এনেদৰে কিতাপবোৰ তেখেতৰ সংগী হৈ পৰিল।

 

৩। হোমি জাহাংগীৰ ভাবাৰ সপোন কি আছিল? এই সপোন কিয় ফলৱতী নহ'ল?

উত্তৰঃ- হোমি জাহাংগীৰ ভাবাৰ সপোন আছিল ভাৰতবৰ্ষক পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত এখন জাকত জিলিকা দেশ হিচাপে পৰিণত কৰা। এই বিষয়ে তেখেতে সদায় ৰঙীন সপোন দেখিছিল। এই সপোন ফলৱতী হোৱাৰ আগেয়ে তেখেতৰ এক বিমান দুৰ্ঘটনাত পতিত হৈ মৃত্যু হৈছিল।

 

৪। 'হোমি জাহাংগীৰ ভাবাই ভাৰতবৰ্ষক ভাল পাইছিল'一এই কথা পাঠটোত কেনেধৰণে প্ৰতিফলিত হৈছে লিখা।

উত্তৰঃ- হোমি জাহাংগীৰ ভাবাই বিদেশত থাকিয়েই দিন কটোৱাৰ সুন্দৰ সুযোগ পাইছিল যদিও সেই সুযোগ গ্ৰহণ নকৰি তেখেতে ভাৰতবৰ্ষলৈ ঘূৰি আহে নিজৰ দেশৰ প্ৰতি থকা কৰ্তব্য আৰু দায়িত্বৰ বাবে । ভাৰতবৰ্ষক পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত এখন জাকত জিলিকা দেশ হিচাপে গঢ়ি তুলিবলৈ তেখেতে অহৰহ ৰঙীন সপোন দেখিছিল । 'দোৰাবজী টাটা ট্ৰাষ্ট'ৰ সহায়ত তেখেতে 'টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেন্টেল ৰিছাৰ্চ' প্ৰতিষ্ঠা কৰে । ভাৰতক পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত জাকত-জিলিকা দেশত পৰিণত কৰাৰ বাবে তেখেতে বিভিন্ন পৰিকল্পনাও কৰিছিল । গতিকে ইয়াৰ দ্বাৰাই তেখেতে যে ভাৰতক ভাল পাইছিল সেই কথা প্ৰতিফলিত হয় ।

 

 

ব্যৱহাৰিক ব্যাকৰণঃ

 

৫। 'হোমি জাহাংগীৰ ভাবা' পাঠটোত থকা বিভক্তিযুক্ত শব্দবোৰ বাছি উলিয়াই লিখা ।

উত্তৰঃ- 'হোমি জাহাংগীৰ ভাবা' পাঠটোৰ বিভক্তিযুক্ত শব্দবোৰ হ'ল 一 কালত, শিশুসকলৰ, বহুদিনলৈ, দেউতাকক, ল'ৰাজনৰ, চিকিৎসকৰ, বিজ্ঞানৰ, চিত্ৰাংকণৰ, বিদেশত, দেশৰ, সহায়ত, গেলাৰীত ।

 

৬। নিম্নলিখিত শব্দকেইটাৰ পৰা বিভক্তিবোৰ বাছি উলিয়াই সেইবোৰ কি কাৰকত ব্যৱহাৰ হৈছে লিখা।

উত্তৰঃ-

তেখেতে 一 প্ৰথমা বিভক্তি, কর্তা কাৰক

শিশুজনক 一 দ্বিতীয়া বিভক্তি, কৰ্ম কাৰক

কিতাপ-পত্ৰৰে 一 তৃতীয়া বিভক্তি, কৰণ কাৰক

ভাৰতলৈ 一 চতুৰ্থী বিভক্তি, সম্প্ৰদান কাৰক

চিকিৎসকৰ 一 ষষ্ঠী বিভক্তি, সম্বন্ধ কাৰক

শৈশৱ কালত 一 সপ্তমী বিভক্তি, অধিকৰণ কাৰক

 

৭। তলৰ বাক্যবোৰৰ আঁচ টনা পদবিলাকৰ বিভক্তি নিৰ্ণয় কৰা আৰু কাৰকৰ নাম লিখা।

উত্তৰঃ-

ডুবিলত 一 সপ্তমী বিভক্তি, অধিকৰণ কাৰক

কিতাপ 一 শূন্য বিভক্তি, কৰ্ম কাৰক

দুখীয়াৰ 一 ষষ্ঠী বিভক্তি, সম্বন্ধ কাৰক

মোৰ 一 ষষ্ঠী বিভক্তি, সম্বন্ধ কাৰক

পৰীক্ষালৈ 一 চতুৰ্থী বিভক্তি, সম্প্ৰদান কাৰক

যঁতৰেৰে 一 তৃতীয়া বিভক্তি, কৰণ কাৰক

শিক্ষাগুৰুক 一 কৰ্ম কাৰক, দ্বিতীয়া বিভক্তি

হিমালয় পৰ্বত 一 শূন্য বিভক্তি, কৰ্ম কাৰক

মানুহক 一 দ্বিতীয়া বিভক্তি, কৰ্ম কাৰক

 

৮। খালী ঠাই পূৰ কৰা (আঁচ টনা শব্দকেইটাৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখি)।

উদাহৰণ 一 পাতল টোপনি                 গভীৰ টোপনি।

উত্তৰঃ-

(ক) সফল মাতৃ 一 বিফল মাতৃ।

(খ) তীক্ষ্ণ বুদ্ধি 一 ভোটা বুদ্ধি।

(গ) কোনো বিসংগতি 一 কোনো সংগতি।

(ঘ) পাঠ অন্তৰ্ভূক্ত 一 পাঠ বহির্ভূক্ত।

(ঙ) তেখেতৰ মৃত্যু হৈছিল 一 তেখেতৰ জন্ম হৈছিল।

(চ) বৃদ্ধি পাইছিল 一 হ্ৰাস পাইছিল। 

 

৯। বাক্য ৰচনা কৰা । 

উত্তৰঃ-

অৱদানঃ一 স্কুলখনৰ নাম উজ্জ্বল কৰাত শিক্ষকসকলৰ যথেষ্ট অৱদান আছে।

ধাউতিঃ一 ল'ৰাজনৰ পঢ়াৰ প্ৰতি থকা ধাউতিৰ বাবেই শ্ৰেণীত প্ৰথম হৈছে।

জাকত-জিলিকাঃ一 সিহঁতৰ ঘৰৰ ফুলনিখন চুবুৰীটোৰ ভিতৰতেই জাকত-জিলিকা।

আশ্বাসঃ一 মন্ত্ৰীয়ে তেখেতক সহায় কৰিব বুলি আশ্বাস দিছিল।

গৱেষণাঃ一 গৱেষণা কৰাৰ বাবে তেওঁ আমেৰিকালৈ গৈছে।

সিদ্ধান্তঃ一 মই কাইলৈ ঘৰলৈ যাবলৈ সিদ্ধান্ত লৈছোঁ।

 

১০। যুক্তাক্ষৰ বহুৱাই শব্দটো সম্পূৰ্ণ কৰা।

উত্তৰঃ-

কণ্টক

বিশ্ৰুত 

প্ৰতিজ্ঞা 

উপলব্ধি

বিশেষত্ব

মৰতত

নিস্ব

গ্ৰন্থাগাৰ

ইন্ধন

 

১১। তলৰ শব্দবোৰৰ প্ৰতিশব্দ লিখা ।

উত্তৰঃ-

সংগী 一 লগৰী

তীক্ষ্ণ 一 প্ৰখৰ

প্ৰধান 一 মুখ্য

গ্ৰন্থ 一 কিতাপ

কিৰণ 一 ৰশ্মি

চিকিৎসক 一 ডাক্তৰ

 

Our website uses cookies to enhance your experience. Learn More
Accept !