নিয়ৰ Class 8 Assamese Chapter 1 Questions and Answers Solution .

Lokesh Chandra Das

 


 নিয়ৰ

২। উত্তৰ দিয়া।

(ক) মুকুতা মণিটি বুলি কবিয়ে কিহক বুজাইছে?

উত্তৰঃ- মুকুতা মণিটি বুলি কবিয়ে নিয়ৰ টোপালক বুজাইছে।

 

(খ) নিয়ৰক কবিয়ে কাৰ কাৰ লগত তুলনা কৰিছে?

উত্তৰঃ- নিয়ৰক কবিয়ে নিশাৰ তৰা আৰু মুকুটা মণিৰ লগত তুলনা কৰিছে।

 

(গ) নিয়ৰে হিয়াত কি সাঁচি থোৱাৰ কথা কৈছে?

উত্তৰঃ- নিয়ৰে নিজম আকাশৰ নিচুক কথাটি হিয়াত সাঁচি থোৱাৰ কথা কৈছে।

 

(ঘ) ফুলনিত কি ছিগি ৰৈ গ'ল?

উত্তৰঃ- ফুলনিত নিশা নাচা নাচনীৰ ডিঙিৰ মণি ছিগি ৰৈ গ'ল।

 

(ঙ) কবিয়ে কি সৰি থকাৰ কথা কৈছে?

উত্তৰঃ- কবিয়ে নিশাৰ তৰা এটি নিয়ৰ হৈ সৰি থকাৰ কথা কৈছে।

 

৩। কবিতাটোৰ মূলভাব চমুকৈ লিখা।

উত্তৰঃ-প্ৰতিমাৰ খনিকৰ কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ দ্বাৰা ৰচিত ‘নিয়ৰ’ এটা ৰোমান্তিক কবিতা। কবিতাটিত কবিয়ে প্ৰকৃতিৰ উপাদান ‘নিয়ৰ’ বিষয়বস্তু হিচাপে লৈ কল্পনাৰ ৰহন সানি সুন্দৰভাৱে উপস্থাপন কৰিছে।

         প্ৰকৃতিৰ ৰূপ বৈচিত্ৰ্যই মানুহৰ মনলৈ কঢ়িয়াই আনে। প্ৰতিটো পুৱাই আমাৰ অজানিতে দি যায় আশাৰ বতৰা। এই বৰ্ণময় বাৰ্তাৰ অন্যতম বাহক হ’ল ‘নিয়ৰ’। মুকুতা সদৃশ নিয়ৰ কণাবোৰ ঘাঁহ-বনৰ ওপৰত কাহিলি পুৱাতে জিলিকি থকা দেখিলে আমাৰ মনলৈ নানা ভাৱ অহাটোৱেই স্বাভাৱিক।

কবিৰ কল্পনাত নিয়ৰ নৃত্যৰতা পৃথিৱীৰ ডিঙিৰ পৰা ছিগি পৰা একোটি মণি অথবা পুৱাৰ পোহৰত সেমেকি উঠা একোটা পাল চকুপানী।

 

 

৪। শব্দ-সম্ভাৰ আৰু অভিধান চাই তলৰ শব্দবোৰৰ অৰ্থ লিখা।

উত্তৰঃ-

শব্দ                    অৰ্থ

ফটিক               স্বচ্ছ, নিৰ্মল, পৰিষ্কাৰ।

শোভে               শুৱনি কৰি তোলা।

হেঙুলি              হেঙুল বৰণীয়া।

নিজম               নীৰৱ।

নিচুক                কান্দোন সামৰি স্থিৰ হ।

 

 

৫। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা  কৰা।

''নিজম আকাশৰ নিচুক কথাটি

            হিয়াত থৈছে সাঁচি,

কোন কাহানিৰ সপোন দেখিছে

         কোনে হাঁহিছিল নাচি।''

 

উত্তৰঃ- 

            উক্ত কবিতাফাঁকি আমাৰ পাঠৰ অন্তৰ্গত প্ৰতিমাৰ খনিকৰ কবি চন্দ্ৰকুমাৰ আগৰৱালা’ দেৱৰ দ্বাৰা ‘ৰচিত ‘নিয়ৰ’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

 

ৰাতিপুৱা ফুলৰ পাহিত পৰি থকা নিয়ৰ টুপালক নিশাৰ আকাশৰ পৰা সৰি পৰা তৰা ৰূপত কবিয়ে কল্পনা কৰিছে, সেই প্ৰসংগত উক্ত কবিতা ফাকি তুলি দিয়া হৈছে।

 

প্ৰকৃতিৰ ৰূপ বৈচিত্ৰ্যয়ই মানুহৰ মনলৈ কঢ়িয়াই আনে। প্ৰতিটো পুৱাই আমাৰ অজানিতে দি যায় আশাৰ বতৰা। এই বৰ্ণময় বাৰ্তাৰ অন্যতম বাহক হ’ল ‘নিয়ৰ’,।

 

 

 

 

৬। পাঠৰ পৰা অন্ত্য মিল থকা শব্দবোৰ লিখা।

উদাহৰণ 一 ধোৱা ⟶ যোৱা

উত্তৰঃ-

সাঁচি 一 নাচি

মণি 一 কণি

ভাহি 一 পাহি



খ 一 ভাষা অধ্যয়ন (ব্যৱহাৰিক ব্যাকৰণ) 

৭। উল্লিখিত শব্দবোৰৰ সমাৰ্থক শব্দ লিখা।

উত্তৰঃ-

টোপনি 一 নিদ্ৰা, ঘুমতি

বেলি 一 সূৰ্য্য, ৰবি

পানী 一 জল, নিৰ 

ফুল 一 পুষ্প, কুসুম

নিশা 一 ৰাতি, ৰজনী

সপোণ 一 স্বপ্ন

আকাশ 一 গগণ, অম্বৰ

চকু 一 নয়ন, নেত্ৰ, আখি

 

৮।  বিপৰীত অৰ্থ  বুজোৱা শব্দ লিখা।

উত্তৰঃ-

ছিগা 一 জোৰা

পুৱা 一 গধূলি

নিজম 一 কোলাহল

সৰগ 一 নৰক

দিন 一 ৰাতি

হাঁহি 一 কান্দোন

 

৯। বাক্য ৰচনা কৰা।

উত্তৰঃ-

মুকুতাঃ ৰ'দৰ পোহৰত নিয়ৰক মুকুতা মণিৰ নিচিনা লাগে।

 

পাহিঃ গোলাপ ফুলৰ পাহিবোৰ ধুনীয়াকৈ সৰি আছে।

 

শোভেঃ গোলাপ ফুলে গোটেই বাগিচাখনত শোভে।

 

নিচুকঃ নিয়ৰে নিজম আকাশৰ নিচুক কথাটি হৃদয়ত সাচি থৈছিল।

 

ফুলজুপিঃ ফুলজুপিত নিয়ৰৰ টোপালবোৰ ধুনীয়াকৈ জিলিকি আছিল।

 

ফটিকঃ নৈখনৰ ফটিক পানীত পদুমফুলবোৰ ধুনীয়াকৈ ফুলি আছে।

 

 

১২। এটা শব্দত প্ৰকাশ কৰা।

(ক) যি আনৰ উন্নতি দেখিব নোৱাৰে।

উত্তৰঃ চকুচৰহা।

 

(খ) একে মাকৰ সন্তান।

উত্তৰঃ সহোদৰ।

 

(গ) যাৰ ঘৰ-বাৰী নাই।

উত্তৰঃ অঘৰী।

 

(ঘ) যিজনে ভাল-বেয়া বিচাৰ কৰিব নোৱাৰে।

উত্তৰঃ অবিবেচক।

 

(ঙ) যি আগেয়ে হোৱা নাই।

উত্তৰঃ অভূতপূৰ্ব।

 

১৩। 'নিয়ৰ’ কবিতাটিত পোৱা তৰা, আকাশ, পানী, কথা, হিয়া, সপন, চকু আদি শব্দ যুক্ত হৈ গঠিত খণ্ডবাক্যবোৰেৰে বাক্য ৰচনা কৰা। 

তৰা-নৰা ছিঙি         -   (বৰকৈ বেগাই, ইমান বেগাই যে উজুটিত বন আদি ছিঙি যায়)

আকাশত চাং পতা  - (অস্বাভাৱিক কল্পনা কৰা)

পানী তলৰ কাঁইট    -  (নেদেখা বিপদ, অজ্ঞাত শত্রু)

কথা চহকী               -  (বেছিকৈ কথা কোৱা লোক)

হিয়াৰ আমঠু           - (অতি আদৰৰ)

অলীক সপোন        - (অমূলক কল্পনা)

চকু চৰহা                 - (লোকৰ ভাল দেখিব নোৱৰা)

 

উত্তৰঃ- 

তৰা-নৰা ছিঙি (বৰকৈ বেগাইঃ খুড়াকৰ মৃত্যুৰ খবৰটো পাই পল্লৱ তৰা-নৰা ছিঙি ঘৰলৈ আহিল।

 

আকাশত চাং পতা (অস্বাভাৱিক কল্পনা কৰা) = আকাশত চাং পতা মানুহে উন্নতি কৰিব নোৱাৰে।

 

পানীৰ তলৰ কাঁইট (নেদেখা বিপদ, অজ্ঞাত শত্ৰু) = ৰমেনে জনাই নাছিল যে, বন্ধুৰ বেশেৰে তাৰ ঘৰতেই পানীৰ তলৰ কাঁইট লুকাই আছিল।

 

কথা চহকী (বেছিকৈ কথা কোৱা লোক) = অভিনাশ গোটেই শ্ৰেণীটোৰ ভিতৰতে কথা চহকী।

 

হিয়াৰ আমঠু (অতি আদৰৰ) = প্ৰত্য়েক সন্তানেই নিজৰ মাক-দেউতাকৰ হিয়াৰ আমঠু।

 

অলীক সপোন (অমূলক কল্পনা) = অলীক সপোন দেখি সময় নষ্ট কৰিব নালাগে।

 

চকু- চৰহা (লোকৰ ভাল দেখিব নোৱাৰা) = চকু- চৰহা লোক সকলোৱে অপ্ৰিয় হয়।



 



১৪। তলৰ বাক্যকেইটিৰ খালী ঠাইত অর্থৰ লগত সংগতি ৰাখি ভাগি, ভাঙি, ছিগি, ছিঙি বহুৱাই পূৰ কৰা।

(ক) মেৰামতি নকৰা বাবে জহি-খহি ঘৰটো               গ'ল।

(খ) ধুমুহাই ঘৰটো           পেলালে।

(গ) পুৰণি হোৱা বাবে ৰছীডাল          থাকিল।

(ঘ) জোৰকৈ টনা-আঁজোৰা কৰা বাবে ৰছীডাল      গ'ল।

(ঙ) এবছৰ নৌহওঁতেই মথাউৰিটো         গ'ল।

(চ) বানপানীয়ে মথাউৰিটো      পেলালে।

উত্তৰঃ- 

(ক) মেৰামতি নকৰা বাবে জহি-খহি ঘৰটো ভাগি গ'ল।

(খ) ধুমুহাই ঘৰটো ভাঙি পেলালে।

(গ) পুৰণা হোৱা বাবে ৰছীডাল ছিগি থাকিল।

(ঘ) জোৰকৈ টনা-আঁজোৰা কৰা বাবে ৰছীডাল ছিঙি গ'ল।

(ঙ) এবছৰ নৌহওঁতেই মথাউৰিটো ছিগি গ'ল।

(চ) বানপানীয়ে মথাউৰিটো ছিঙি পেলালে।



 

 

Our website uses cookies to enhance your experience. Learn More
Accept !