অৰ্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা Class 7 Social Science Chapter 20 Solution in Assamese Medium.

Lokesh Chandra Das

 

 

অৰ্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা

 

১। চমু উত্তৰ লিখা -

(ক) স্বাস্থ্যৱান ব্যক্তি বুলিলে কাক বুজায় ?

উত্তৰঃ যিবিলাক ব্যক্তিয়ে দেশৰ উন্নয়নত অৰিহণা যোগাোই সেইবিলাককে স্বাস্থ্যৱান ব্যক্তি বোলে ।

(খ) আশাকৰ্মী নিয়োগৰ উদ্দেশ্য কি ?

উত্তৰঃ আশা কৰ্মী নিয়োগৰ উদ্দেশ্য হ'ল- গৰ্ভৱতী মহিলাসকলক চিকিৎসাজনিত সু-পৰামৰ্শ আদি দিবৰ বাবে চৰকাৰে এই নিয়োগৰ সৃষ্টি কৰিছিল ।

(গ) ছোৱালী শিক্ষাৰ বাবে চৰকাৰে লোৱা এক ব্যৱস্থাৰ নাম লিখা ?

উত্তৰঃ ভাৰত চৰকৰে ছোৱালী শিক্ষাৰ বাবে ২০০৪ চনতে কস্তুৰবা গান্ধী বালিকা বিদ্যালয় নামেৰে এখন আবাসিক বিদ্য়ালয়ৰ স্থাপন কৰিছিল ।

(ঘ) কিষান কলচেন্টাৰৰপৰা কি সেৱা উপলদ্ধ হয় ?

উত্তৰঃ কিষান কলচেন্টাৰৰপৰা আমাৰ দেশৰ কৃষকসকলে ২৪ ঘণ্টাই কৃষি সম্পৰ্কীয় দিহা-পৰামৰ্শ লাভ কৰিবলৈ সক্ষম এই সেৱাত উপলদ্ধ হয় ।



২। উত্তৰ লিখা -

(ক) আন্তগাঁথনিমূলক কাম-কাজ মানে কি ? আমাৰ দেশৰ চৰকাৰে দেশৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে কি কি আঁচনি গ্ৰহণ কৰিছে ?

উত্তৰঃ অৰ্থনৈতিক উন্নয়নৰ মৌলিক উপাদানসমূহৰ ভিতৰত ৰাস্তা-ঘাট, দলং, গৃহ, যাতায়ত ব্যৱস্থা, যোগায়োগ ব্যৱস্থা, জলসিঞ্চন, খোৱা পানী, চিকিৎসালয়, বিদ্যালয়, বিজুলি যোগান, টেলিফোন সেৱা আদি প্ৰধান । এইবোৰকে আমি আন্তগাঁঠনিমূলক কাম-কাজ বুলি কওঁ ।

        আন্তগাঁঠনি মানে কোনো কাৰ্য কৰিবৰ বাবে বুনিয়াদি আৰু অত্যন্ত আৱশ্যকীয় সা-সুবিধা, যিবিলাকৰ অবিহনে অৰ্থনৈতিক উন্নয়ন সম্ভব হব নোৱাৰে । সেইবাবে চৰকাৰে প্ৰধান কাম হিছাপে আন্তগাঁঠনি উন্নত কৰাৰ প্ৰচেষ্ট লয় যাতে কৃষি, উদ্যোগ, সেৱাকে ধৰি সকলো দিশৰ কাম-কাজবোৰ সফলতাৰে সম্পন্ন হয় ।

(খ) যাতায়ত আৰু যোগাযোগ ব্যৱস্থাই দেশৰ উন্নয়নত কেনেদৰে অৰিহণা যোগায় ?

উত্তৰঃ  কৃষি, উদ্যোগ, সেৱা সকলো খণ্ডৰ উৎপাদনশীল কাম-কাজসমূহ মূলতঃ নিৰ্ভৰ কৰে উন্নত যাতায়াত ব্যৱস্থাৰ ওপৰত । সেয়েহে উন্নয়নমূলক কামৰ তালিকাত যাতায়াত ব্যৱস্থাক চৰকাৰে আগস্থান দিয়ে । বৰ্তমান যোগাযোগৰ ক্ষেত্ৰখনত সমগ্ৰ বিশ্বৰ লগতে আমাৰ দেশতো প্ৰযোক্তিবিদ্যাই বিস্তৰ প্ৰভাৱ পেলাইছে । বেপাৰ-বানিজ্য, শিক্ষা স্বাস্থ্যখণ্ড, আইন শৃংখলা ৰক্ষা, দেশৰ প্ৰতিৰক্ষাকে ধৰি দেশৰ প্ৰায়বিলাক খণ্ডত যোগাযোগ ব্যৱস্থাৰ উন্নত সাধনসমূহৰ প্ৰয়োগ কৰা হয় । এনেদৰে যাতায়াত আৰু যোগাযোগ ব্যৱস্থাই দেশৰ উন্নয়নত অৰিহণা যোগায় ।

 

(গ) প্ৰযুক্তি বিদ্যাৰ সহায়ত বৰ্তমান কি কি সুবিধা উপলদ্ধ হৈছে ?

উত্তৰঃ প্ৰযুক্তিবিদ্যাৰ সহায়ত বৰ্তমান কম্পিউটাৰ বা ম'বাইল ফোনৰ জৰিয়তে বহুতো সুবিধাৰ লাভ কৰিবলৈ আমি সক্ষম হৈছো । সুলভ ইন্টাৰনেটৰ সেৱাৰ জৰিয়তে ব্যৱসায় আৰু বিত্তিয় অনুস্থান-প্ৰতিস্থানবোৰে কম সময়তে ব্যাপক পৰিসৰত কাৰ্য সম্পাদন কৰিব পৰা হৈছো ।



৩। খালী ঠাই পূৰ কৰা -

(ক) আন্তগাঁথনি মানে কোনো কাৰ্য কৰিবৰ বাবে বুনিয়াদি আৰু অত্য়ন্ত অৱশ্য়কীয় আগতীয়া কাৰিকৰী সা-সুবিধা যিবিলাকৰ অবিহনে অৰ্থনৈতিক উন্নয়ন সম্ভৱ হব নোৱাৰে ।

(খ) দেশৰ মুঠ ঘৰুৱা  উৎপাদন তথা চৰকাৰৰ ৰাজহ সংগ্ৰহত ৰেল সেৱাৰ অবদান অন্যতম ।

 

(গ) সংবিধানে প্ৰাথমিক শিক্ষাক শিশুৰ মৌলিক অধীকাৰ হিছাপে স্বীকৃতি দিছে ।

 

(ঘ) উন্নত যোগাযোগ ব্যৱস্থাই কম সময়তেই আমাক অধিক তথ্যৰ যোগান ধৰে ।

 

(ঙ) বিদ্যুতৰ ব্যৱহাৰে আমাৰ জীৱনবোৰক যথেষ্ট সুচল আৰু উন্নয়নমুখী কৰি তুলিছে ।

 

Our website uses cookies to enhance your experience. Learn More
Accept !