মোগলযুগঃ সমাজ আৰু সংস্কৃতি Class 7 Social Science Chapter 17 Solution in Assamese Medium.

Lokesh Chandra Das

 

 

মোগলযুগঃ সমাজ আৰু সংস্কৃতি

 

১। উত্তৰ দিয়া ─

(ক) চাচাৰামৰ সমাধি কোনে নিৰ্মাণ কৰিছিল ?

উত্তৰঃ ছেৰচাহে সমাধি নিৰ্মাণ কৰিছিল ।

(খ) আকবৰৰ দিনত অট্টালিকা সজাওতে বিশেষভাৱে কি ব্যৱহাৰ কৰা হৈছিল ?

উত্তৰঃ ৰঙা শিলৰ গুৰি ব্যৱহাৰ কৰিছিল ।

(গ) তাজমহল কোন নদীৰ পাৰত অৱস্থিত ?

উত্তৰঃ যমুনা নদীৰ পাৰত অৱস্থিত ।

(ঘ) ময়ূৰ সিংহাসন তৈয়াৰ কৰা কাৰিকৰজনৰ নাম কি ?

উত্তৰঃ ময়ূৰ সিংহাসন তৈয়াৰ কৰা কাৰিকৰজনৰ নাম হ'ল- বেবদন খাঁ ।

(ঙ) অসমত ভক্তি আন্দোলনৰ ধাৰাটোক কি বুলি জনা যায় ?

উত্তৰঃ অসমত ভক্তি আন্দোলনৰ ধাৰাটোক বৈষ্ণৱ আন্দোলন বুলি জনা যায় ।

(চ) কি দুটা ভাষাৰ সংমিশ্ৰনত উৰ্দু ভাষাৰ সৃষ্টি হৈছিল ?

উত্তৰঃ হিন্দুস্থানী আৰু পাৰ্ছী ভাষাৰ সংমিশ্ৰনত উৰ্দু ভাষাৰ সৃষ্টি হৈছিল ।

 

 

২। শুদ্ধ উত্তৰ বাছি উলিওৱা ─

(ক) ফতেহপুৰ চিক্ৰীৰ অট্টালিকা নিৰ্মাণ কৰিছিল জাহাংগীৰে/ আকবৰে/ বাবৰে ।

উত্তৰঃ আকবৰে ।

 

(খ) তাজমহল নিৰ্মাণ কৰা হৈছিল ৰঙা শিলৰ গুৰিৰে/ শুধ বগা মাৰ্বলেৰে/ ইটা-চিমেণ্টেৰে ।

উত্তৰঃ শুধ বগা মাৰ্বলেৰে ।

 

(গ) অসমৰ ভক্তি আন্দোলনৰ গুৰি ধৰোতা আছিল ৰমানন্দ/ গুৰু নানক/ শংকৰদেৱ ।

উত্তৰঃ ৰমানন্দ ।

 

(ঘ) মোগল চিত্ৰশিল্পই চৰম উৎকৰ্ষ সাধন কৰিছিল জাহাংগীৰৰ/ ছাহজাহানৰ/ ঔৰংগজেৱ শাসন কালত ।

উত্তৰঃ জাহাংগীৰৰ ।

 

(ঙ) তুৰ্কী ভাষাৰ 'তুজুক-ই-বাবৰী' নামৰ আত্মজীৱনীখনৰ ৰচক আছিল বাবৰ/ আকবৰ/ হুমায়ুন ।

উত্তৰঃ বাবৰ ।

 

৩। খালী ঠাই পূৰ কৰা ─

(ক) পণিপতৰ কাবুলবাগ আৰু চম্বলৰ জমা মছজিদ  বাবৰে নিৰ্মাণ কৰিছিল ।

(খ) ছাহজাহান ৰ শাসন কালক মোগল স্থাপত্য শিল্পৰ স্বৰ্ণযুগ বুলি জনা যায় ।

(গ) জাহাংগীৰৰ দিনত  মোগল চিত্ৰ শিল্পৰ চৰম বিকাশ হৈছিল ।

(ঘ) আকবৰৰ দিনত প্ৰকাশ পোৱা অভিধানখনৰ নাম পাৰ্ছী প্ৰকাশ ।                    ।

(ঙ) অসমৰ বৈষ্ণৱ আন্দোলনৰ ধাৰাটোৰ মুখ্য প্ৰৱৰ্তক আছিল শ্ৰীমন্ত শংকৰদেৱ ।

 

৪। ৫০ টা মান শব্দৰ ভিতৰত উত্তৰ লিখা ─

(ক) এজন চিত্ৰকৰ আৰু সমালোচক হিচাপে জাহাংগীৰে ভাৰতীয় চিত্ৰকলাৰ কেনেদৰে পৃষ্ঠপোষকতা কৰিছিল ?

উত্তৰঃ- মোগল চিত্রশিল্পই চৰম উৎকৰ্ষ সাধন কৰিছিল জাহাংগীৰৰ শাসনকালত। জাহাংগীৰ নিজে এজন চিত্রপ্রেমী আছিল । কল্পনাৰ পৰিৱৰ্তে বাস্তৱক প্রাধান্য দিবলৈ তেওঁ চিত্ৰকৰ সকলক আহ্বান জনাইছিল। জাহাংগীৰৰ দিনত ক্ষুদ্র চিত্রশিল্পইও এক সুকীয়া আসন দখল কৰিছিল । বিখ্যাত চিত্ৰকৰ মনচুৰ, মুৰাদ, বিষণদাস আদিয়ে জাহাংগীৰৰ ৰাজসভা শুৱনি কৰিছিল । এওঁৰ দিনত ভাৰতৰ বিভিন্ন প্রান্তত বহুতো চিত্রশিল্পৰ বিদ্যালয় গঢ় লৈ উঠিছিল ।

 

(খ) মোগলযুগৰ স্থাপত্য, কলা-সংস্কৃতিলৈ ছাহজাহানৰ অৱদান ।

উত্তৰঃ ছাহজাহানে চিত্ৰশিল্পৰ জগতলৈ আগবঢ়োৱা অৱদান নগন্য তেওঁৰ পুত্ৰ দাৰা এজন চিত্ৰশিল্পৰ প্ৰধান পৃষ্ঠপোষক আছিল। দাৰা নিজেও এজন চিত্ৰকৰ আছিল । আজিও ভাৰতীয় সংস্কৃতিত মোগল চিত্ৰকলাই সমাদৰ লাভ কৰে । ছাহজাহানৰ শাসন কালত মোগল স্থাপত্য শিল্পৰ বিকাশে চূড়ান্ত শিখৰত আৰোহণ কৰিছিল। তেওঁ সৌন্দৰ্যৰ সাধক আছিল । ছাহজাহানৰ ৰাজত্বকাল কলা-সংস্কৃতিৰ যোগেদি নদন-বদন হৈ পৰিছিল বাবে এই কালছোৱাক মোগল স্থাপত্যৰ 'স্বৰ্ণযুগ' বুলি কোৱা হয়। কিন্তু স্থাপত্য -ভাস্কৰ্য নিৰ্মাণত মুক্তহস্তে খৰচ কৰি শেষৰফালে তেওঁ সৰ্বস্বান্ত হৈ পৰিছিল। ছাহজাহানে নিৰ্মাণ কৰা তাজমহল তেওঁ পন্তী প্ৰেমৰ তেওঁ অমৰ সাক্ষী। স্থাপত্য -ভাস্কৰ্য আকবৰে মাৰ্বল ব্যৱহাৰৰ সূচনা কৰিছিল ।

 

(গ) আকবৰৰ ধৰ্ম নীতিয়ে মোগলযুগক কেনেদৰে প্ৰভাৱিত কৰিছিল ?

উত্তৰঃ আকবৰে তেওঁ ধৰ্মৰ প্ৰতি থকা অনুসন্ধিৎসা দূৰ কৰিবৰ বাবে ইবাদতখানা অৰ্থাৎ প্ৰাৰ্থনা গৃহ সজাইছিল । আদিতে এই ইবাদতখানাত সমবেত হোৱা গোড়া মুছলমানসকলক ধৰ্মৰ বিষয়ে আলোচনা কৰিবলৈ দিয়া হৈছিল । পাছলৈ অন্য ধৰ্মৰ পণ্ডিতসকলকো ইয়ালৈ নিমন্ত্ৰণ কৰা হৈছিল । সম্ৰাট আকবৰে নিজেও এই আলোচনাত যোগ দিছিল। সকলো ধৰ্মৰ সাৰুৱা কথাবোৰ শুনি আকবৰ মোহিত হৈছিল। সকলো ধৰ্মৰ মূল কথাবোৰ যে একে সেই কথা তেওঁ উপলদ্ধি কৰিছিল । সেয়েহে সকলো ধৰ্মৰ মূল কথাবোৰ লৈ তেওঁ এটি নতুন ধৰ্মমত উলিয়াইছিল । ইয়াকে আমি দিন-ই-ই লাহী বুলি জানো। প্ৰথম এই ধৰ্মমতৰ নাম আছিল তউহিদ-ই-ইলাহী। আকবৰৰ শাসন ব্যৱস্থাত সকলো ধৰ্মক সমানে চোৱাৰ নীতিৰে তেওঁ দিন-ই-ইলাহীক প্ৰয়োগ কৰিছিল। আন ধৰ্মৰ মানুহকো ধৰ্মীয় স্বাধীনতা দিয়াতো তেওঁ ধৰ্ম নীতিৰ এক প্ৰধান বৈশিষ্ট আছিল।

 

(ঘ) মোগলযুগৰ কেইগৰাকীমান উল্লেখযোগ্য় মহিলাৰ নাম লিখা ।

উত্তৰঃ মোগলযুগৰ ৰাজ পৰিয়ালৰ মহিলাসকলৰ বহুকেইগৰাকী মহিলাৰ নাম আমি ইতিহাসৰ পাতত পাওঁ। বিশেষকৈ সাহিত্য়ৰ ক্ষেত্ৰত হুমায়ুনৰ ভগ্নী তথা হুমায়ুন-নামাৰ লেখিকা গুলবেদন বেগম উল্লেখযোগ্য়। জাহাংগীৰৰ সম্ৰাজ্ঞী নুৰজাহান বেগম আৰু ছাহজাহানৰ দুই জীয়ৰী জাহানাৰা আৰু ৰৌচনাৰাই ৰাজনৈতিক ক্ষমতা লাভ কৰিছিল বুলি জনা যায় । আনহাতে ছাহজাহানে তেওঁৰ পন্তী মমতাজ মহলৰ নাম তাজমহলৰ ৰূপত অমৰ কৰি থৈ গৈছে। সম্ৰাটসকলৰ হিন্দু পন্তীৰ ভিতৰত যোধাবাই, মানবাই জগত গোঁসাই ইত্য়াদিৰ নাম উল্লেখ পোৱা যায় ।


Our website uses cookies to enhance your experience. Learn More
Accept !