দিল্লীৰ চুলতানীযুগ Class 7 Social Science Chapter 15 Solution in Assamese Medium.

Lokesh Chandra Das

 

দিল্লীৰ চুলতানীযুগ

১) উত্তৰ দিয়াঃ

(ক) চুলতান মামুদে কেতিয়া আৰু কেইবাৰ ভাৰত আক্ৰমণ কৰিছিল ? 

উত্তৰঃ চুলতান মামুদে ১০০০ খ্ৰীঃ আৰু ১৭ বাৰ ভাৰত আক্ৰমণ কৰিছিল ।

(খ) চাহবুদ্দিন মহম্মদ নামৰ লোকজন ইতিহাসৰ পাতত কি নামেৰে বিখ্যাত?

উত্তৰঃ চাহাবুদ্দিন মহম্মদ নামৰ লোকজন ইতিহাসৰ পাতত ঘোৰি নামেৰে বিখ্যাত ।

(গ) তৰাইনৰ প্ৰথম আৰু দ্বিতীয় যুদ্ধ কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল?

উত্তৰঃ ১১৯১ খ্ৰীঃ ত তৰাইনৰ প্ৰথম যুদ্ধত ৰাজপুত ৰজা পৃথ্বীৰাজ চৌহানৰ হাতত পৰাস্ত হ'ব লগীয়া হৈছে আৰু পাছৰ বছৰত তৰাইনৰ দ্বিতীয় যুদ্ধত ১১৯২ তেওঁ পৃথ্বীৰাজক হৰুৱাই উত্তৰ-পশ্চিম ভাৰতত নিজৰ স্থিতি সৱল কৰি তোলে ।

(ঘ) কুটুবমিনাৰৰ নিৰ্মাণ কোনে আৰম্ভ কৰিছিল আৰু কোনে শেষ কৰিছিল ?

উত্তৰঃ কুটুবমিনাৰৰ নিৰ্মাণ ইলটুতমিছৰ জীয়ৰীয়ে আৰম্ভ কৰিছিল আৰু ৰেজীয়া চুলতানাই শেষ কৰিছিল ।

(ঙ) চুলতানী যুগৰ প্ৰধান মন্ত্ৰী আৰু তেওঁৰ দপ্তৰক কি বোলা হৈছিল?

উত্তৰঃ চুলতানী যুগত প্ৰধান মন্ত্ৰীক উজীৰ বুলি কোৱা হয় ।

(চ) আল্লাউদ্দিন খিল্জিয়ে বজাৰ নিয়ন্ত্ৰণৰ দায়িত্ব কাৰ ওপৰত ন্যস্ত কৰিছিল ?

উত্তৰঃ আল্লাউদ্দিন খিল্জিয়ে বজাৰ নিয়ন্ত্ৰণৰ বাবে দিৱান-ই-ৰিয়াচত আৰু চাহান-ই-মন্দী নামৰ দুখন বিষয়া নিয়োগ কৰিছিল ।

(ছ) ইক্‌টা কি?

উত্তৰঃ দাস, খিল্জি আৰু টোগলক বংশৰ চুলতান সকলে শাসনৰ সুবিধাৰ বাবে সাম্ৰাজ্য়ৰ বিভিন্ন অঞ্চল কিছুমান ভাগত ভাগ কৰিছিল। এই অঞ্চলবোৰক ইক্‌টা বোলা হয় ।

 

২) খালী ঠাই পূৰণ কৰা-

(ক) ৰেজিয়া চুলতানা আছিল চুলতানী যুগৰ প্ৰথম আৰু একমাত্র মহিলা চুলতান ।

(খ) গুজৰাট, মালয়, ৰাজস্থান আৰু দক্ষিণ ভাৰত জয় কৰা আল্লাউদ্দিন খিল্জিয়েই একমাত্ৰ চুলতান ।

(গ) ইবন বটুটা মহম্মদ বিন টোগলকৰ দিনত ভাৰতলৈ আহিছিল ।

(ঘ) অৰিজ-ই-মাবালিক আছিল সামৰিক বিভাগৰ মুৰব্বী বিষয়া ।

(ঙ) পাণিপত্ৰ প্ৰথম যুদ্ধ ১৫২৬ খ্ৰীঃত হৈছিল।

 

৩) শুদ্ধ উত্তৰ বাছি উলিওৱা

(ক) কুটুবুদ্দিন/ইলটুতমিছে দাস বংশৰ প্ৰতিষ্ঠা কৰিছিল ।

উত্তৰঃ কুটুবুদ্দিনে

(খ) আলপ্তাগীন/মহম্মদ ঘোৰী গজনী ৰাজ্যৰ প্ৰতিষ্ঠাপক ।

উত্তৰঃ মহম্মদ ঘোৰী

(গ) কামাখ্যা/সোমনাথ মন্দিৰ চুলতান মামুদে লুট-পাত কৰিছিল ।

উত্তৰঃ সোমনাথ মন্দিৰ

(ঘ) বাহলুল লোডী/ইব্রাহিম লোডী চুলতানী যুগৰ শেষ চুলতান ।

উত্তৰঃ ইব্ৰাহিম লোডী

(ঙ) তুর্কী-আফগানসকলে ভাৰতত দুশবছৰ/ তিনিশ বিশ বছৰ ৰাজত্ব কৰিছিল ।

উত্তৰঃ তিনিশ বিশ বছৰ

 

৪। চুলতানী শাসনকালৰ ৰাজবংশ কেইটাৰ নাম ক্ৰমনুসাৰে লিখা ।

উত্তৰঃ দাস বংশ, খিলিজি বংশ, টোগলক বংশ, চৈয়দ বংশ আৰু লোডী বংশ ।

৫। কামৰূপৰ ৰজা পৃথু আৰু কুটুবুদ্দিনৰ সেনাপতি বখটিয়াৰ খিলিজিৰ সংঘৰ্ষৰ কাৰণ কি আছিল? এই সংঘৰ্ষৰ উল্লেখ ক’ত পোৱা যায় ?

উত্তৰঃ চুলতান কুতুবুদ্দিনৰ সেনাপতি মহম্মদ বখতিয়াৰ খিলিজিয়ে চীন দেশ জয়ৰ পৰিকল্পনা কৰিছিল । কিন্তু কামৰূপৰ মাজেৰে যাব লগা হোৱাত সেইসময়ৰ কামৰূপৰ ৰজা পৃথুৰ লগত যুদ্ধত লিপ্ত হৈ বংগদেশলৈ উভতি যাবলৈ বাধ্য হয় । উক্ত ঘটনাকে অসমৰ ইতিহাসত প্ৰথম তুৰ্কী অভিযান হিচাপে জনা যায় ।

 

৬। চুলতানী আমোলত প্রচলিত তিনিটা কৰৰ নাম লিখা।

উত্তৰঃ চুলতানী আমোলত প্ৰচলিত তিনিটা কৰৰ নাম হ'ল- 

(১) উৎপন্ন শষ্যৰ ওপৰত দিব লগা কৰ ।

(২) গৰু ম'হৰ ওপৰত দিবলগীয়া কৰ ।

(৩) ঘৰ-বাৰীৰ ওপৰত দিবলগীয়া কৰ ।

 

৭। আল্লাউদ্দিন খিল্জিয়ে বজাৰ নিয়ন্ত্ৰণৰ বাবে গ্ৰহণ কৰা তিনিটা পদক্ষেপ উল্লেখ কৰা ।

উত্তৰঃ আল্লাউদ্দিন খিল্জিয়ে দিবান-ই-ৰিয়াচত আৰু চাহান-ই-মন্দী নামৰ দুজন বিষয়াৰ ওপৰত বজাৰ নিয়ন্ত্ৰণৰ দায়িত্ব অৰ্পণ কৰিছিল ।

 

৮। চুলতানী যুগৰ তিনিটা স্মৃতিচিহ্নৰ নাম উল্লেখ কৰা । 

উত্তৰঃ অৰিয়াঅৰি, কুটুব মিনাৰ, আলাই দৰৱাজা ।

 

৯। দিল্লীৰ চুলতানসকলৰ পতনৰ চাৰিটা কাৰণ লিখা ।

উত্তৰঃ (১) ধৰ্মীয় নেতা আৰু আমিৰ-ওমৰাহসকলৰ অবাধ ক্ষমতাই ৰাজনৈতিক বিশৃংসলতাৰ সৃষ্টি কৰিছিল ।

(২) এই সময়চোৱাত ৰাজ্য় বিস্তাৰৰ নামত যুদ্ধ-বিগ্ৰহৰ সংখ্যা বাহিছিল যদিও সেনাবাহিনীৰ উন্নয়নৰ ক্ষেত্ৰত চুলতানসকলে মনোযোগ দিয়া নাছিল ।

(৩) ক্ষমতাকেন্দ্ৰিক অৰিয়াঅৰিৰ ফলত সাম্ৰাজ্যৰ ভিতৰচোৱাত প্ৰায়ে অৰাজকতা বিৰাজ কৰিছিল ।

(৪) টাইমূৰৰ আক্ৰমণে দূৰ্বল কৰি থোৱা সাম্ৰাজ্যক বাবৰৰ আক্ৰমণে সহজেই পতনৰ দিশলৈ লৈ যোৱাত সফল হৈছিল ।

 

১০।  চুলতান ফিৰোজছাহ টোগলকে স্থাপন কৰা চহৰ কেইখনৰ নাম লিখা ।

উত্তৰঃ চুলতান ফিৰোজছাহ টোগলকে স্থাপন কৰা চহৰ ৫ খন হ'ল- জৌনপুৰ, ফিৰোজাবাদ, ফাতোহাবাদ, ফিৰোজপুৰ আৰু হিচাৰফিৰোজা ।

 

 

Our website uses cookies to enhance your experience. Learn More
Accept !