ভূপৃষ্ঠত সময় গণনা. Class 7 Social Science Chapter 1 Question Answer

Class 7 Social Science Chapter 1 Question Answer ভূপৃষ্ঠত সময় গণনা.

 

 

SEBA SCERT Solutions for Class 7 Social Science includes all the questions provided in SEBA SCERT Class 7 Social Science Textbook questions answer. Here SEBA Class 7 SST all questions are solved with the detailed explanation to score good marks in the exams. you can check Extra Questions for Class 7 Social Science

 

 

follow us on

Instagram
Facebook
Subscribe Our YouTube Channel

 

 

 

 

পাঠঃ ১

ভূপৃষ্ঠত সময় গণনা

 

অনুশীলনী

১। চমু উত্তৰ দিয়াঃ

     ক। দ্ৰাঘিমাৰেখাৰ সৰ্বমুঠ সংখ্যা কিমান ?

     উত্তৰঃ দ্ৰাঘিমাৰেখাৰ সৰ্বমুঠ সংখ্যা ৩৬০ ।


     খ। ভাৰতৰ মান দ্ৰাঘিমাংশ কিমান ?

     উত্তৰঃ ভাৰতৰ মান দ্ৰাঘিমাংশ – ভাৰতবৰ্ষৰ প্ৰায় সোঁমাজেদি যোৱা ৮২o৩০/ পূৱ দ্ৰাঘিৰেখা ।


     গ। পৃথিৱীক নিজ মেৰুদণ্ডত ঘুৰিবলৈ কিনাম ঘণ্টা প্ৰয়োজন?

     উত্তৰঃ পৃথিৱীক নিজ মেৰুদণ্ডত ঘুৰিবলৈ ২৪ ঘণ্টা প্ৰয়োজন ।

 


     ঘ। গ্ৰীনিজৰ ওপৰেৰে কল্পনা কৰা প্ৰাৰ্থমিক দ্ৰাঘিমাৰেখাৰ স্থানীয় সময়ক কি বোলে?

     উত্তৰঃ গ্ৰীনিজৰ ওপৰেৰে কল্পনা কৰা প্ৰাৰ্থমিক দ্ৰাঘিমাৰেখাৰ স্থানীয় সময়ক গ্ৰীণিজ মান সময় বোলে ।


     ঙ। কৌণিক দূৰত্বৰ জোখৰ একক কি?

     উত্তৰঃ কৌণিক দূৰত্বৰ জোখৰ একক ডিগ্ৰী (o ) ।


২। খালী ঠাই পূৰ কৰাঃ

     ক। পৃথিৱীৰ পৰিধিয়ে কেন্দ্ৰত _________ কোণ কৰি থাকে ।

 

     উত্তৰঃ পৃথিৱীৰ পৰিধিয়ে কেন্দ্ৰত ৩৬০o কোণ কৰি থাকে ।

 

     খ। দ্ৰাঘিমাৰেখাৰ মান বা জোখক _________ বোলে ।

     উত্তৰঃ দ্ৰাঘিমাৰেখাৰ মান বা জোখক দ্ৰাঘিমাংশ বোলে।

 

     গ) প্ৰাৰ্থমিক দ্ৰাঘিমাৰেখাৰ কৌণিক দূৰত্ব ______________ দ্ৰাঘিমাংশ ।

     উত্তৰঃ প্ৰাৰ্থমিক দ্ৰাঘিমাৰেখাৰ কৌণিক দূৰত্ব দ্ৰাঘিমাংশ ।

 

     ঘ) মধ্যাহ্ন সূৰ্যৰপৰা পূৱফালে ১৫O আঁতৰত থকা ঠাইখনত ________ বাজিব ।

     উত্তৰঃ মধ্যাহ্ন সূৰ্যৰপৰা পূৱফালে ১৫O আঁতৰত থকা ঠাইখনত দিনৰ ১ টা বাজিব ।

 

৩। শুদ্ধ-অশুদ্ধ নিৰ্ণয় কৰাঃ

     ক। পৃথিৱীৰ আহ্নিক গতিৰ ফলত পশ্চিমৰ ঠাইসমূহ পূৱতকৈ আগতে সূৰ্যৰ সন্মুখীন হয়।

     উত্তৰঃ অশুদ্ধ ।

 

     খ। ভ্ৰমণকাৰীয়ে পূৱ দিশৰ পৰা ১৮০o অতিক্ৰম কৰাৰ সময়ত ১ দিন যোগ দি লব লাগে ।

     উত্তৰঃ অশুদ্ধ ।

 

     গ। কোনো এখন ঠাইত নিশা ১২ বাজিলে ঠাইখনত এটা দিন শেষ হয় আৰু অন্য় এটা দিন আৰম্ভ হয়।

     উত্তৰঃ শুদ্ধ ।

 

     ঘ। ১৮০ দ্ৰাঘিমাংশত সময়ৰ ব্যৱধান ১২ ঘণ্টা।

     উত্তৰঃ শুদ্ধ ।

 

     ঙ। গ্ৰীণিজতকৈ পিছত সন্ধিয়া হোৱা ঠাই এখন পশ্চিম দ্ৰাঘিমাংশত অৱস্থিত ।

     উত্তৰঃ শুদ্ধ ।

 

৪। শুদ্ধ উত্তৰটৌ বাছি উলিওৱাঃ

     ক। ভ্ৰমণকাৰিয়ে গ্ৰীণিজৰ মান সময় অনুসাৰে গ্ৰীণিজৰ পশ্চিমে গলে সময় লাভ/লোকচান হোৱা বুলি অনুভৱ কৰে ।

     উত্তৰঃ ভ্ৰমণকাৰিয়ে গ্ৰীণিজৰ মান সময় অনুসাৰে গ্ৰীণিজৰ পশ্চিমে গলে সময় লাভ হোৱা বুলি অনুভৱ কৰে ।

 

     খ। গ্ৰীণিজতকৈ মুম্বাইত আগতে সূৰ্যোদয় হয় । গতিকে, মুম্বাই পূৱ/পশ্চিম দ্ৰাঘিমাংশত অৱস্থিত ।

     উত্তৰঃ  গ্ৰীণিজতকৈ মুম্বাইত আগতে সূৰ্যোদয় হয় । গতিকে, মুম্বাই পূৱ দ্ৰাঘিমাংশত অৱস্থিত ।


     গ। প্ৰাৰ্থমিক দ্ৰাঘিমাৰেখাৰ পূৱৰ প্ৰতি ডিগ্ৰী দ্ৰাঘিমাৰেখাত ৪ মিনিটকৈ সময় আগবঢ়া/পিছপৰা ।

     উত্তৰঃ প্ৰাৰ্থমিক দ্ৰাঘিমাৰেখাৰ পূৱৰ প্ৰতি ডিগ্ৰী দ্ৰাঘিমাৰেখাত ৪ মিনিটকৈ সময় আগবঢ়া ।

 

     ঘ। ভাৰতীয় মান দ্ৰাঘিমাৰেখা হিচাপে ৮৩o২০//৯০o/৮২o৩০/ পূৱ দ্ৰাঘিমাৰেখাডালক গ্ৰহণ কৰা হৈছে ।

     উত্তৰঃ ভাৰতীয় মান দ্ৰাঘিমাৰেখা হিচাপে ৮৩o২০/ পূৱ দ্ৰাঘিমাৰেখাডালক গ্ৰহণ কৰা হৈছে ।

 

     ঙ। আমি পিন্ধা সাধাৰণ হাতঘড়ীবোৰ স্থানীয় সময়/গ্ৰীণিজ মান সময়/ভাৰতীয় মান সময় মতে চলে ।

     উত্তৰঃ আমি পিন্ধা সাধাৰণ হাতঘড়ীবোৰ ভাৰতীয় মান সময় মতে চলে ।

 

৫। পাৰ্থক্য লিখাঃ

     ক। অক্ষৰেখা আৰু দ্ৰাঘিমাৰেখা ।

     উত্তৰঃ

অক্ষৰেখা

দ্ৰাঘিমাৰেখা

অক্ষৰেখা ৰেখাবোৰ বৃত্তাকাৰ

দ্ৰাঘিমাৰেখাবোৰ বৃত্তাকাৰ নহয়।

কোনো এখন ঠায়ে বিষুৱৰেখাৰ লগত পৃথিৱীৰ কেন্দ্ৰত উৎপন্ন কৰা কোণৰ মান বা জোখেই সেই ঠাইৰ অক্ষাংশ।

বিষুৱৰ ওপৰত প্ৰাথমিক দ্ৰাঘিমাৰেখাৰ পৰা যি কোনো স্থানৰ কৌণিক দূৰত্বই হল ঠাইখনৰ দ্ৰাঘিমাংশ।

বিষুৱৰেখাক ভিত্তি কৰি দুয়ো মেৰুৰ পিনে কৌণিক দূৰত্ব গণনা কৰি অক্ষাংশসমূহ নিৰ্ণয় কৰা হয়। বিষুৱৰ সমন্তৰালকৈ দুয়ো মেৰুৰ পিনে কল্পনা কৰা বৃত্তাকাৰ ৰেখাসমূহেই হল অক্ষৰেখা।

প্ৰাথমিক দ্ৰাঘিমাৰ পূবে আৰু পশ্চিমে দুয়ো মেৰু সংযোগ কৰি কল্পনা কৰা ৰেখাবোৰেই হল দ্ৰাঘিমাৰেখা।

 

 

     খ। স্থানীয় সময় আৰু মান সময় ।

     উত্তৰঃ

স্থানীয় সময়

মান সময়

কোনো এখন ঠাইৰ মধ্যাহ্ন সূৰ্যৰ অৱস্থানৰ ওপৰত ভিক্তি কৰি যি সময় গণনা কৰা হয় তাকে ঠাইখনৰ স্থানীয় সময় বোলে ।

সময় গণনাৰ অসুবিধা দূৰ কৰিবলৈ প্ৰত্যেক দেশে এক বা একাধিক নিৰ্দিষ্ট দ্ৰাঘিমাৰেখাৰ স্থানীয় সময় ব্যৱহাৰ কৰে । কোনো এক বা একাধিক নিৰ্দিষ্ট দ্ৰাঘিমাৰ ভিক্তিত সমগ্ৰ দেশৰ বাবে যি সময় গণনাৰ ব্যৱস্থা কৰা হয় তাকে দেশখনৰ মান সময় বোলে ।

কোনো এখন ঠাইৰ স্থানীয় সময় উলিয়াবলৈ প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ মান সময়ক ভিত্তি হিচাপে লোৱা হয়।

দেশ এখনৰ সোঁমাজেৰে পাৰ হৈ যোৱা দ্ৰাঘিমা ৰেখাডালৰ স্থানীয় সময়ৰ ভিত্তিত সমগ্ৰ দেশখনৰ বাবে মান সময় গণনা হয়।

বেলেগ বেলেগ দ্ৰাঘিমাৰেখাত অৱস্থিত ঠাইৰ স্থানীয় সময়ো বেলেগ বেলেগ।

দেশ এখনৰ মান সময় নিৰপনৰ বাবে এডাল মান দ্ৰাঘিমাৰেখা নিৰূপণ কৰা হয়।

 

 

৬। সমাধান কৰাঃ

     ক। গ্ৰীণিজত মান সময়তে ৭ বাজিলে কোনো এখন ঠাইত দুপৰীয়া ১২ বাজে । ঠাইখনৰ দ্ৰাঘিমাংশ নিৰ্ণয় কৰা ।

     সমাধানঃ

     ঠাইখন আৰু গ্ৰীনিজৰ সময়ৰ পাৰ্থক্য ১২-৭=৫ ঘণ্টা গ্ৰীনিজ আৰু

     ঠাইখনৰ মাজত স্থানীয় সময়ৰ ব্যৱধান যদি ৪ ঘণ্টা হয়,

     তেন্তে ঠাইখনৰ দ্ৰাঘিমাংশ হব ১৫° × ৫= ৭৫°      

     যিহেতু, ঠাইখন গ্ৰীনিজতকৈ আগতে দুপৰীয়া হয়,

     সেয়েহে ঠাইখন গ্ৰীনিজৰ পূবত অৱস্থিত।

     এতেকে ঠাইখন ৭৫° পূব দ্ৰাঘিমাত অৱস্থিত।

 

 

     খ। দুপৰীয়া ১২ বজাত নিউয়ৰ্ক (৭৫oপ.) চহৰৰপৰা লচএঞ্জেলচ (১১৮o প.) লৈ এটি অনাতাঁৰ বাৰ্তা প্ৰেৰণ কৰিলে । লচএঞ্জেলচৰ স্থানীয় সময়মতে কেই বজাত বাৰ্তাটি প্ৰেৰণ কৰিছিল?

     সমাধানঃ

      দুয়োখন ঠাই গ্ৰীনিজৰ পশ্চিমত অৱস্থিত।

এতেকে ঠাই দুখনৰ দ্ৰাঘিমাংশৰ পার্থক্য হব ১১৮° – ৭৫° =৪৩°

এতেকে ঠাই দুখনৰ সময়ৰ পাৰ্থক্য হব ৪৩° × ৪ মিনিট

= ১৭২ মিনিট

= ১৭২ ÷ ৬০ মিনিট

= ২ ঘণ্টা ৫২ মিনিট

যিহেতু নিউইয়ৰ্কতকৈ লচ এঞ্জেলচ বেছি পশ্চিমত অৱস্থিত, গতিকে নিউইয়ৰ্কত দুপৰীয়া ১২ বাজিলে লচ এঞ্জেলচত স্থানীয় সময় হব

= ১২-২ ঘণ্টা ৫২ মিনিট

= পুৱা ৯ বাজি ৮ মিনিট।

     গ। নতুম দিল্লীৰ (৭৭o.প) স্থানীয় সময়মতে দিনৰ ৯ বজাত অনুষ্ঠিত হবলগীয়া খেলখন ধুবুৰী (৯০o.প) চহৰৰ স্থানীয় সময় মতে কেতিয়া অনুষ্ঠিত হ?

     সমাধানঃ

       সমগ্ৰ ভাৰতৰ বাবে ৮২ 1/2  পূৱ দ্ৰাঘিমাৰেখাডালক ভাৰতীয় মান সময় বুলি গণ্য কৰা হয় ।

    এতেকে, নতুন দিল্লীৰ (৭৭o.প) স্থানীয় সময়মতে দিনৰ ৯ বজাত অনুষ্ঠিত হবলগীয়া খেলখন ধুবুৰী (৯০o.প) চহৰৰ স্থানীয় সময় মতে দিনৰ ৯ বাজতে অনুষ্ঠিত হব ।

 


More Resources For Class 10 Solutions in Assamese Medium




    More Resources For Class 9 Solutions in Assamese Medium

 

Previous Post Next Post