Class 11 Assamese Chapter 6 Question Answer Assamese Medium. কেম্ব্ৰিজৰ শিক্ষাব্যৱস্থা আৰু শিক্ষানুষ্ঠান .

Sudev Chandra Das

 Class 11 Assamese Chapter 6 Question Answer Assamese Medium.


কেম্ব্ৰিজৰ শিক্ষাব্যৱস্থা আৰু শিক্ষানুষ্ঠান


 

লেখক পৰিচয়ৰ পৰা প্ৰশ্ন -

১। হীৰেন গোঁহাইৰ জন্ম কিমান চনত হৈছিল ?

উত্তৰঃ-  হীৰেন গোঁহাইৰ জন্ম ১৯৩৯ চনত হৈছিল ৷

 

২। হীৰেন গোঁহাইৰ সাহিত্য আৰু সমাজ সমালোচনামূলক গ্ৰন্থ কেইখনমানৰ নাম লিখা ৷

উত্তৰঃ-  হীৰেন গোঁহাইৰ সাহিত্য আৰু সমাজ সমালোচনামূলক গ্ৰন্থ কেইখনমানৰ নাম হ’ল- সাহিত্যৰ সত্য,  সমাজ আৰু সমালোচনা, সাহিত্য আৰু চেতনা, বিশ্বায়তন, বন্দৰৰ কাল, কালস্ৰোত আৰু কাণ্ডাৰী, কবিতাৰ বিচাৰ আৰু নতুন সমালোচনা, কীৰ্তন পুথিৰ ৰস বিচাৰ, অসমৰ জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা ৷

 


৩। হীৰেন গোঁহাইৰ আত্মকথামূলক গ্ৰন্থ কেইখনমানৰ নাম লিখা ৷

উত্তৰঃ- হীৰেন গোঁহাইৰ আত্মকথামূলক গ্ৰন্থ কেইখনমানৰ নাম - লস্ত লাগিজ, বতাহত কৰ গধূলি গোপাল, হেঙুল আকাশ,  কলা চানকেল আৰু এজন আৰোহী, সপোনৰ দিকচৌ বনত,  ইমান তিতা সাগৰৰ পানী, উৰণীয়া হাঁহৰ মাত ৷

 

৪। হীৰেন গোঁহাইয়ে কি গ্ৰন্থৰ বাবে কিমান চনত সাহিত্য অকাডেমী বটাঁ লাভ কৰিছিল ?

উত্তৰঃ অসমৰ জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা’ গ্ৰন্থৰ বাবে ১৯৮৯ চনত হীৰেন গোঁহাইয়ে সাহিত্য অকাডেমী বটাঁ লাভ কৰিছিল ৷

 

৫। হীৰেন গোঁহাইয়ে ক’ৰপৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল আৰু গ্ৰন্থখনৰ নাম কি ?

উত্তৰঃ - হীৰেন গোঁহাইয়ে ইংলেণ্ডৰ কে’ম্ব্ৰিজ বিশ্ববিদ্যালয়ৰপৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল আৰু গ্ৰন্থখনৰ নাম- 'Tradition and Paradise Lost’

 

 

অতি চমু প্ৰশ্ন

১। কেম্ব্ৰিজ বিশ্ববিদ্যালয় কোনখন নদীৰ উপত্যকাত অৱস্থিত ?

উত্তৰঃ- কেম্ব্ৰিজ বিশ্ববিদ্যালয় কেম নদীৰ উপত্যকাত অৱস্থিত ৷

 

২। কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ অধীনত কেইখন কলেজ আছে ?

উত্তৰঃ কে’ম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ অধীনত ৩১ খন কলেজ আছে ৷

 

৩। ড° হীৰেন গোঁহাইয়ে অধ্যয়ন কৰা কে’ম্ব্ৰিজৰ কলেজখনৰ নাম লিখা ৷

উত্তৰঃ- ড° হীৰেন গোঁহাইয়ে অধ্যয়ন কৰা কে’ম্ব্ৰিজৰ কলেজখনৰ নাম গনবিল এণ্ড কীইজ্ ৷

 

৪। কেম্ব্ৰিজ বিশ্ববিদ্যালয় কোনে প্ৰতিষ্ঠা কৰিছিল ?

উত্তৰঃ- কেম্ব্ৰিজ বিশ্ববিদ্যালয় কোনো ব্যক্তি বিশেষে প্ৰতিষ্ঠা কৰা নাছিল, পণ্ডিত আৰু বিদ্যানুৰাগী লোক কিছুমানৰ প্ৰচেষ্টাত গঢ় লৈ উঠিছিল ৷

 

৫। জৰ্জ ষ্টাইনাৰ কোন ?

উত্তৰঃ জৰ্জ ষ্টাইনাৰ মাৰ্কিন পণ্ডিত ৷

 


চমু প্ৰশ্ন -

১। ইউৰোপত মধ্যযুগত স্থাপন হোৱা চাৰিখন বিশ্ববিদ্যালয়ৰ নাম লিখা ৷

উত্তৰঃ- ইউৰোপত মধ্যযুগত স্থাপন হোৱা চাৰিখন বিশ্ববিদ্যালয়ৰ নাম- পেৰিছ বিশ্ববিদ্যালয়, হাইডে’লবাৰ্গ বিশ্ববিদ্যালয়, অক্সফোৰ্ড বিশ্ববিদ্যালয়, কে’ম্ব্ৰিজ বিশ্ববিদ্যালয় ৷

 

২। টমাছ আকুৱাইনাছ আৰু পিয়েৰ আবে’লাৰ কোন আছিল ?

উত্তৰঃ- টমাছ আকুৱাইনাছ মধ্যযুগৰ ইটালীৰ এগৰাকী প্ৰখ্যাত দাৰ্শনিক আৰু পিয়েৰ আবে’লাৰ মধ্যযুগৰ পাশ্চাত্যৰ এগৰাকী প্ৰখ্যাত দাৰ্শনিক, পণ্ডিত, কবি ৷

 


৩। গথিক স্হাপত্য বুলিলে কি বুজা ?

উত্তৰঃ-  গথিক স্হাপত্য বুলিলে  মধ্যযুগৰ ইউৰোপৰ গিৰ্জাবোৰত দেখা পোৱা এক স্হাপত্য কলা শৈলী ৷

 

৪। কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ কলেজবোৰৰ অধ্যক্ষসকলক কিদৰে নিৰ্বাচন কৰা হৈছিল ?

উত্তৰঃ- কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ কলেজবোৰৰ অধ্যক্ষসকলক কলেজৰ সদস্য সকলে নিৰ্বাচন কৰিছিল আৰু এই সদস্যসকলক প্ৰতিখন কলেজে বাছ-বিচাৰ কৰি নিৰ্বাচন কৰিছিল ৷

 

৫। আৰৱী গ্ৰন্থত প্লেটো আৰু আৰিস্ততলক কি কি নামেৰে জনা যায় ?

উত্তৰঃ- আৰৱী গ্ৰন্থত প্লেটোক 'আফ্লাতুন’ আৰু আৰিস্ততলক 'আৰিস্তু’ নামেৰে জনা যায় ৷



PUBLISHED BY LOKESH DAS



Our website uses cookies to enhance your experience. Learn More
Accept !