পৰমাণু গঠন নৱম শ্ৰেণীৰ বিজ্ঞান অধ্যায় 4 . Class 9 Science Chapter 4 Question answer in Assamese medium

Sudev Chandra Das

NCERT Solutions For Class 9 Science Chapter 4 Matter in Our Surroundings in Assamese medium

Class 9 Science Chapter 4 Question answer in Assamese medium. পৰমাণু গঠন নৱম শ্ৰেণীৰ বিজ্ঞান অধ্যায় 4 |


পৰমাণুৰ গঠন 

পৰমাণুৰ গঠন (STRUCTURE OF THE Atom )



Class 9 Science NCERT Textbook – Page 47

   1. কেনেল ৰশ্মি কি?

উত্তৰঃ 1886 চনত ই গ’ল্ডষ্টেইনে বিশেষ ধৰণৰ ৰন্ধ্ৰবিশিষ্ট কেথ’ড ব্যৱহাৰ কৰি বিদ্যুত মোক্ষণ নলীৰ পৰীক্ষাটো নতুন বিকিৰণৰ উপস্তিতি ধৰা পেলাইছিল আৰু ইয়াক কেনেল ৰশ্মি বোলা হয় ।


   2. পৰমাণু এটাত এটা প্ৰ’টন আৰু এটা ইলেট্ৰ’ন থাকিলে ই কোনো আধান বহন কৰিবনে নকৰে ?

উত্তৰঃ ইলেট্ৰ’ন আৰু প্ৰ’টনৰ আধানৰ মান সমান ।যদিও ইহঁত বিপৰীত আধানযুক্ত কণিকা । গতিকে, এটা ইলেট্ৰ’ন আৰু প্ৰ’টনযুক্ত পৰমাণুত আধান নাথাকিব ।



Class 9 Science NCERT Textbook – Page 49

   1. থমছনৰ পৰমাণুৰ আৰ্হিৰ মতে পৰমাণু এটা সামগ্ৰিকভাৱে কেনেদৰে প্ৰশম হয় ব্যাখ্যা কৰা ।

উত্তৰঃ থমছনৰ পৰমাণুৰ আৰ্হিত প্ৰ’টনৰ উপস্তিতিৰ বাবে পৰমাণু এটাত থকা ধনাত্মক আধানৰ মান, ইলেট্ৰ’নৰ উপস্তিতিৰ বাবে সৃষ্টি হোৱা ঋণাত্মক আধানৰ মানৰ সমান হয় । সেয়ে, পৰমাণু এটা সামগ্ৰিকভাৱে প্ৰশম বা উদাসীন হয় ।

   2. ৰাডাৰফ’ৰ্ডৰ পৰমাণুৰ আৰ্হিৰ মতে পৰমাণুৰ নিউক্লিয়াছত কোনটো উপ-পাৰমাণৱিক কণা থাকে ।

 

উত্তৰঃ ৰাডাৰফ’ৰ্ডৰ পাৰমাণৱিক আৰ্হি মতে পৰমাণুৰ নিউক্লিয়াছত প্ৰ’টন থাকে ।

   3. তিনিটা শ্বেলৰে সৈতে ব’ৰৰ পৰমাণুৰ আৰ্হিৰ এটা চিত্ৰ অংকণ কৰা ।

উত্তৰঃ


      তিনিটা শ্বেলৰে সৈতে ব’ৰৰ পৰমাণুৰ আৰ্হিৰ চিত্ৰ অংকণ কৰা হ’ল ।


    4. যদি a – কণা বিচ্ছুৰণ পৰীক্ষাটোত সোণৰ পাতৰ সলনি আন ধাতুৰ পাত ব্যৱহাৰ কৰা হয় ।তেনেহ’লে কি দেখা যাব বুলি ভাবা?

উত্তৰঃ a – কণা বিচ্ছুৰণ পৰীক্ষাটো সম্পন্ন কৰিবলৈ অতি কম বেধৰ পাতৰ প্ৰয়োজন হয় ।

অন্য ধাতু সোণৰ দৰে ঘাত সহনীয় নহয় বাবে এনে পাত আহৰণ কৰাটো কঠিন হ’ব । যদি অধিক বেধবিশিষ্ট পাত ব্যৱহাৰ কৰা হয় তেন্তে a – কণাই প্ৰত্যাৱৰ্তন কৰিব যাৰ ফলত অন্য পৰ্যবেক্ষনহে পোৱা যাব । ৰাডাৰফ’ৰ্ডে ব্যৱহাৰ কৰা সোণৰ পাতখন 1000 পৰমাণুৰ থাক এটাৰ সমান ডাঠ আছিল ।



Class 9 Science NCERT Textbook – Page 49

    1. পৰমাণুৰ তিনিটা উপ-পাৰমাণৱিক কণাৰ নাম লিখা ।

উত্তৰঃ পৰমাণুৰ তিনিটা উপ-পাৰমাণৱিক কণা হৈছে ইলেট্ৰ’ন, প্ৰ’টন আৰু নিউট্ৰন ।

  2. হিলিয়াম পৰমাণুৰ পাৰমাণৱিক ভৰ 4u আৰু ইয়াৰ নিউক্লিয়াছত দুটা প্ৰ’টন আছে । ইয়াত কিমানটা নিউট্ৰন থাকিব?

উত্তৰঃ   

   হিলিয়াম পৰমাণুৰ পাৰমাণৱিক ভৰ = 4uভৰ সংখ্যা = প্ৰ’টনৰ সংখ্যা + নিউট্ৰনৰ সংখ্যা

 ∴ নিউট্ৰনৰ সংখ্যা = ভৰ সংখ্যা - প্ৰ’টনৰ সংখ্যা

                 = 4 – 2

                 = 2

 গতিকে, হিলিয়াম পৰমাণুত 2 টা নিউট্ৰন থাকে ।



Class 9 Science NCERT Textbook – Page 50

   1. কাৰ্বন আৰু ছডিয়াম পৰমাণুত ইলেকট্ৰনৰ বিতৰণ দ্খুোওৱা ।

 উত্তৰঃ কাৰ্বনৰ পাৰমাণৱিক সংখ্যা = 6

   ∴ ইলেকট্ৰনৰ সংখ্যা = 6

   = K- কক্ষপথৰ ইলেকট্ৰ’নৰ সংখ্যা = 2

   = L- কক্ষপথৰ ইলেকট্ৰ’নৰ সংখ্যা = 4

গতিকে, কাৰ্বন পৰমাণুত ইলেকট্ৰ’নৰ বিতৰণ 2,4

 ছ’ডিয়ামৰ পাৰমাণৱিক সংখ্যা = 11

∴ ইলেকট্ৰ’নৰ সংখ্যা = 11

 K - কক্ষপথৰ ইলেকট্ৰ’নৰ সংখ্যা = 2

 L - কক্ষপথৰ ইলেকট্ৰ’নৰ সংখ্যা = 8

 M - কক্ষপথৰ ইলেকট্ৰ’নৰ সংখ্যা  = 1

গতিকে, ছ’ডিয়ামৰ পৰমাণুত ইলেকট্ৰ’নৰ বিতৰণ 2,8,1

 

  2. পৰমাণু এটা K আৰু L শ্বেলবোৰ পূৰ্ণ হৈ থাকিলে পৰমাণুটোত ইলেকট্ৰ’নৰ মূঠ সংখ্যা কিমান হ’ব ?

উত্তৰঃ K কক্ষপথত (n = 1) ইলেকট্ৰ’নৰ সংখ্যা (n = 1)

       = 2n2 

       = 2 × 12 

        = 2 × 1 

        = 2

L কক্ষপথত (n = 2) ইলেকট্ৰ’নৰ সংখ্যা (n = 2)

    = 2 × 22

    = 2 × 4 

    = 8

গতিকে, ছ’ডিয়ামটোত মূঠ ইলেকট্ৰ’নৰ সংখ্যা

    = 2 + 8 

    = 10



Class 9 Science NCERT Textbook – Page 52

   1. ক্ল’ৰিন, ছালফাৰ আৰু মেগনেছিয়াম যোজ্যতা কেনেদৰে পাবা?

উত্তৰঃ ক্ল’ৰিনঃ ক্ল’ৰিনৰ পাৰমণৱিক সংখ্যা 17 । ইয়াৰ ইলেকট্ৰ’নীয় বিন্যাস 2,8,7 । ইয়াৰ 7 টা যোজক ইলেকট্ৰ’ন থাকে । গতিকে, অষ্টক নিয়ম অনুসৰি ইয়াক 8-7 = 1 টা ইলেকট্ৰ’ন প্ৰয়োজন হয় । গতিকে, ক্ল’ৰিনৰ যোজ্যতা  1 ।

ছালফাৰঃ ছালফাৰৰ পাৰমণৱিক সংখ্যা 16 । ইয়াৰ ইলেকট্ৰ’নীয় বিন্যাস 2,8,6 । ইয়াৰ 6 টা যোজক ইলেকট্ৰ’ন থাকে । গতিকে, অষ্টক নিয়ম অনুসৰি ইয়াক 8-6 = 2 টা ইলেকট্ৰ’ন প্ৰয়োজন হয় । গতিকে, ছালফাৰৰ যোজ্যতা 2 ।

মেগনেছিয়ামঃ মেগনেছিয়ামৰ পাৰমণৱিক সংখ্যা 12 । ইয়াৰ ইলেকট্ৰ’নীয় বিন্যাস 2,8,2 । ইয়াৰ 2 টা যোজক ইলেকট্ৰ’ন ত্যাগ কৰিব পাৰে ।গতিকে, মেগনেছিয়ামৰ যোজ্যতা 2 ।



Class 9 Science NCERT Textbook – Page 52

   1. যদি পৰমাণু এটাত ইলেকট্ৰ’নৰ সংখ্যা 8 আৰু প্ৰ’টনৰ সংখ্যাও 8 হয় তেন্তে

(a)   পুৰমাণুটোৰ পৰমাণৱিক সংখ্যা কি হ’ব ? আৰু

(b)   পুৰমাণুটোৰ আধান কিমান হ’ব ?

উত্তৰঃ

(a)   পুৰমাণুটোৰ পৰমাণৱিক সংখ্যা = প্ৰ’টনৰ সংখ্যা = 8

(b) যিহেতু ইলেকট্ৰ’নৰ সংখ্যা আৰু প্ৰ’টনৰ সংখ্যা সমান, গতিকে পৰমাণুটোৰ আধান শূণ্য ।

 

Class 9 Science NCERT Textbook – Page 53

1. চিহ্ন H, D আৰু Tত প্ৰতিটোতে পোৱা অৱ-পাৰমাৱিক কণাবোৰ তালিকাভূক্ত কৰা।

 উত্তৰঃ

   



 2.একোযোৰকৈ সমস্থানিক আৰু সমভাৰীৰ ইলেক্ট্ৰ’নীয় বিন্যাস লিখা। 

 উত্তৰঃ সমস্থানিকঃ ক্ল’ৰিনৰ সমস্থানিক দুটা হৈছে 3517CI আৰু 3717 CI । ইহঁতৰ ইলেক্ট্ৰ’নীয় বিন্যাস হৈছে 2, 8, 7

4018AR ৰ ইলেক্ট্ৰ’নীয় বিন্যাস 2, 8, 8

4020CA ৰ ইলেক্ট্ৰ’নীয় বিন্যাস 2, 8, 8, 2

 অণুশীলনীঃ

1.  ইলেক্ট্ৰ'ন, প্ৰ'টন আৰু নিউট্ৰনৰ ধৰ্মসমূহ তুলনা কৰা ।

উত্তৰঃ ইলেক্ট্ৰ'ন, প্ৰ'টন আৰু নিউট্ৰনৰ ধৰ্মসমূহ তলৰ তালিকাত তুলনা কৰা হ'ল-

  
2. জে জে থমছনৰ পৰমাণু আৰ্হিৰ সীমাবদ্ধতাসমূহ কি কি ?

উত্তৰঃ জে জে থমছনৰ পৰমাণুৰ আৰ্হি অনুসৰি এটা ধনাত্মকভাৱে আৰ্হিত একোটা গোলক য'ত ইলেক্ট্ৰ'নবোৰ সোমাই থাকে । অন্যাৰ্থত, পৰমাণুৰ ইলেক্ট্ৰ'ন আৰু প্ৰ'টনবোৰ গোটেই পৰমাণুত সিঁচৰিত হৈ থাকে । অৱশ্যে পৰৱৰ্তী পৰ্যায়ত  a- ৰাডাৰফ'ৰ্ডৰ কণা বিচ্ছুৰণ পৰীক্ষাটোৰ দ্বাৰা সিন্ধান্ত গ্ৰহণ কৰা হৈছিল যে পৰমাণুৰ ভৰ আৰু ধনাত্মক আধান পৰমাণুৰ কেন্দ্ৰত অৱস্থিত নিউক্লিয়াছ বুলি কোৱা এক ক্ষুদ্ৰ স্থানত কেন্দ্ৰীভূত হৈ থাকে । গতিকে থমছনৰ পৰমাণুৰ আৰ্হিয়ে অন্য বিজ্ঞানীয়ে কৰা পৰীক্ষাসমূহৰ ফলাফল ব্যাখ্যা কৰিব পৰা নাছিল ।

3.  ৰাডাৰফ'ৰ্ডৰ পৰমাণুৰ আৰ্হিৰ সীমাবদ্ধতাসমূহ কি কি?

উত্তৰঃ ৰাডাৰফ'ৰ্ডৰ পৰমাণুৰ আৰ্হিত ধাৰণা কৰা হৈছিল যে পৰমাণুৰ ভিতৰত নিচেই ক্ষুদ্ৰ নিউক্লিয়াছ এটা থাকে আৰু এই নিউক্লিয়াছটোৰ চাৰিওফালে  ইলেক্ট্ৰ'নবোৰ ঘূৰি থাকে । এই আৰ্হিৰ দ্বাৰা পৰমাণু সুস্থিৰতা ব্যাখ্যা কৰিব পৰা নগৈছিল ।

4.    ব'ৰৰ পৰমাণুৰ আৰ্হিটো বৰ্ণনা কৰা ।

উত্তৰঃ ব'ৰৰ পৰমাণু আৰ্হি—

(i)  পৰমাণু এটাৰ কেন্দ্ৰত ইলেক্ট্ৰ’নৰ দ্বাৰা পৰিবেষ্টিত ধনাত্মক আধানযুক্ত এটা ভৰসম্পন্ন সৰু নিউক্লিয়াছ থাকে । পৰমাণুটোৰ সমগ্ৰ ভৰ নিউক্লিয়াছত থুপ খাই থাকে ।

(ii)  ইলেক্ট্ৰ’নবোৰ নিউক্লিয়াছৰ চাৰিওফালে কিছুমান সুনিৰ্দিষ্ট নিৰ্বাচনত বৃত্তকাৰ কক্ষপথেৰে ঘূৰে । এই কক্ষপথক স্থিৰ কক্ষপথ বা শক্তিস্তৰ বোলা হয় ।

(iii) এই কক্ষপথবোৰত নিৰ্দিষ্ট পৰিমাণুৰ শক্তি নিহিত হৈ আছে । এই শক্তিস্তৰবোৰক 1,2,3,4 .... K,L,M,N ৰ দ্বাৰা সূচোৱা হয় ।

(iv) ইলেক্ট্ৰ’ন এটা যেতিয়ালৈকে এটা সুনিৰ্দিষ্ট কক্ষপথত থাকে, ই শক্তি হেৰুৱাব বা লাভ কৰিব নোৱাৰে, আন কথাত, এটা সুনিৰ্দিষ্ট শক্তিস্তৰত থকা ইলেক্ট্ৰ’নৰ শক্তি স্থিৰ অৱস্থাত  থাকে । সেইবাবে এই কক্ষপথসমূহক স্থিৰ কক্ষপথ বা শক্তিস্তৰ বুলিও কোৱা হয় ।

(v) ইলেক্ট্ৰ’নবোৰ আটা কক্ষপথৰ পৰা আন এটা কক্ষপথলৈ জঁপিয়ালেহে শক্তিৰ বিকিৰণ বা অৱশোষণ হয় । বিকিৰত বা অৱশোষিত শক্তিৰ পৰিমাণ, উচ্চ বা নিম্ন শক্তিস্তৰৰ শক্তিৰ পাৰ্থক্যৰ সমান ।

5.    এই অধ্যায়ত দিয়া পৰমাণুৰ আৰ্হি কেইটা তুলনা কৰা ।

উত্তৰঃ এই অধ্যায়ত দিয়া পৰমাণুৰ আৰ্হি কেইটা, যেনে থমছনৰ আৰ্হি, ৰাডাফৰ’ৰ্ডৰ আৰ্হি, আৰু ব’ৰৰ আৰ্হিৰ তুলনাঃ

থমছনৰ আৰ্হিঃ

(i)  পৰমাণুৰ ধনাত্মক আৰু ঋণাত্মক আধানৰ মান সমান । গতিকে, পৰমাণু এটা বৈদ্যুতিকভাৱে উদাসীন ।

(ii)     পৰমাণু হৈছে ধনাত্মক আধানযুক্ত এটা সুষম গোলক য’ত ঋণাত্মক আধানযুক্ত ইলেক্ট্ৰ”ণবোৰ সংলগ্ন হৈ থাকে ।

ৰাডাৰফ’ৰ্ডৰ আৰ্হিঃ

(i)পৰমাণু এটাৰ সমগ্ৰ ভৰ আৰু ধণাত্মক আধান কেন্দ্ৰস্থ অতি সৰু অঞ্চল এটাত থুপ খাই থাকে আৰু ইয়াক নিউক্লিয়াছ বুলি কোৱা হয় । পৰমাণুৰ আকাৰৰ তুলনাত নিউক্লিয়াছৰ আকাৰ অতিশয় ক্ষুদ্ৰ ।

(ii)  ইলেক্ট্ৰ’নবোৰে নিউক্লিযাছৰ চাৰিওফালে নিৰ্দিষ্ট বৃত্তাকাৰ পথত তীব্ৰ গতিৰে ঘূৰি থাকে ।

(iii)  পৰমাণু এটাৰ নিউক্লিয়াছ আৰু ঘূৰ্ণীমান ইলেক্ট্ৰ’নৰ মাজৰ বেচিভাগ ঠাই খালী থাকে ।

ব’ৰৰ আৰ্হিঃ

(i)ইলেক্ট্ৰ’নবোৰে নিউক্লিযাছৰ চাৰিওফালে কিছুমান সুনিৰ্দিষ্ট নিৰ্বাচিত বৃত্তাকাৰ কক্ষপথেৰে ঘূৰি থাকে । এই কক্ষপথক স্থিৰ কক্ষপথ বা শক্তিস্তৰ বোলা হয় ।

(ii)   এই কক্ষপথবোৰত নিৰ্দিষ্ট পৰিমাণৰ শক্তি নিহিত হৈ আছে।

(iii)    ইলেক্ট্ৰ’ন এটা যেতিয়ালৈকে এটা সুনিৰ্দিষ্ট কক্ষপথত থাকে, ই শক্তি হেৰুৱাব বা লাভ কৰিব নোৱাৰে, আন কথাত, এটা সুনিৰ্দিষ্ট শক্তিস্তৰত থকা ইলেক্ট্ৰ’নৰ শক্তি স্থিৰ অৱস্থাত  থাকে । সেইবাবে এই কক্ষপথসমূহক স্থিৰ কক্ষপথ বা শক্তিস্তৰ বুলিও কোৱা হয় ।

 

6.    প্ৰথম ওঠৰটা মৌলৰ কৰাণে বিভিন্ন শ্বেলত ইলেক্ট্ৰন বণ্টনৰ নিয়মবোৰ সংক্ষেপে লিখা ।

উত্তৰঃ প্ৰথম ওঠৰটা মৌলৰ কৰাণে বিভিন্ন শ্বেলত ইলেক্ট্ৰন বণ্টনৰ নিয়মকেইটা হ’ল-

(ব’ৰ-বুৰী আঁচনি)

(i) প্ৰটিটো কক্ষপথত থাকিব পৰা ইলেক্ট্ৰ’নৰ সৰ্বোচ্চ সংখ্যা 2n2 ইয়াত, n হ’ল কক্ষপথৰ সংখ্যা ।

   

N

কক্ষপথ

সৰ্বাধিক ইলেক্ট্ৰ’নৰ সংখ্যা

1

K

2 × 12 = 2 × 1 = 2

2

L

2 × 22 = 2 × 4 = 8

3

M

2 × 33 = 2 × 9 = 18

 

(ii)   পৰমাণু এটাৰ বহিৰতম কক্ষত 8 টাতকৈ বেছি ইলেক্ট্ৰ’ন থাকিব নোৱাৰে ।

(iii) পৰৱৰ্তী উচ্চতৰ কক্ষপথ পূৰ্ণ কৰিবলৈ আৰম্ভ কৰাৰ আগত কক্ষপথ একোটাত সম্পূৰ্ণ নিৰ্ধাৰিত ইলেক্ট্ৰ’ন থকাটো প্ৰয়োজনীয়। অৰ্থাৎ কক্ষপথবোৰ ক্ৰমশঃ ইহঁতৰ শক্তিক্ৰম অনুসৰি পূৰ্ণ হয় ।

7.    ছিলিকন আৰু অক্সিজেনক উদাহৰণ হিচাপে লৈ যোজ্যতাৰ সংজ্ঞা দিয়া ।

উত্তৰঃ ছিলিকনৰ যোজ্যতাঃ

    ছিলিকনৰ পাৰমাণৱিক সংখ্যা 14 । ইয়াৰ ইলেক্ট্ৰ’নীয় বিন্যাস 2,8,4 । ইয়াৰ 4 টা যোজক ইলেক্ট্ৰ’ন থাকে । অকটেট গঠন লাভৰ বাবে ইয়াক চাৰিটা ইলেক্ট্ৰ’নৰ প্ৰয়োজন । সেয়ে, ছিলিকন পৰমাণুৱে অন্য পৰমাণুৰ সৈতে চাৰিটা যোজক ইলেক্ট্ৰ’নৰ ভাগ-বতৰা কৰে । গতিকে, ছিলিকনৰ যোজ্যতা 4 ।

          অক্সিজেনৰ যোজ্যতাঃ

    অক্সিজেনৰ পাৰমাণৱিক সংখ্যা 8 । ইয়াৰ ইলেক্ট্ৰ’নীয় বিন্যাস 2.6 । ইয়াৰ 6 টা যোজক ইলেক্ট্ৰ’ন থাকে । অকটেট গঠন লাভৰ বাবে ইয়াক অন্য দুটা ইলেক্ট্ৰ’নৰ প্ৰয়োজন । গতিকে, অক্সিজেনৰ পৰমাণুৱে অন্য পৰমাণুৰ পৰা  দুটা ইলেক্ট্ৰ’ন গ্ৰহণ কৰে । গতিকে, অক্সিজেনৰ যোজ্যতা 2 ।

8.    উদাহৰণৰে সৈতে ব্য।খ্যা কৰা-

(i)                          পাৰমাণৱিক সংখ্যা

(ii)                       ভৰ সংখ্যা

(iii)                    সমস্থানিক আৰু

(iv)                     সমভাৰি

সমস্থানিকৰ যেকোনো দুটা ধৰ্ম লিখা ।

উত্তৰঃ

(i)                          পাৰমাণৱিক সংখ্যা

     এটা মৌলৰ পৰমাণু এটাৰ নিউক্লিয়াছত থকা প্ৰ’টনৰ মুঠ সংখ্যাক সেই মৌলটোৰ পাৰমাণৱিক সংখ্যা বুলি কোৱা হয়।

উদাহৰস্বৰুপে, এটা অক্সিজেনৰ পৰমাণুৰ নিউক্লিয়াছত 8 টা প্ৰ”টন থাকে । গতিকে, অক্সিজেনৰ পৰামাণৱিক সংখ্যা 8 । একেবিধ মৌলৰ আটাইবোৰ পৰমাণুৰ পাৰমাণুৱিক সংখ্যা একে ।

(ii)                       ভৰ সংখ্যা

     পৰমাণু এটাৰ নিউক্লিয়াছত থকা নিউট্ৰন আৰু প্ৰ’টনৰ মুঠ সংখ্যাক ভৰসংখ্যা বুলি কোৱা হয় ।

উদাহৰণস্বৰুপে, এটা অক্সিজেনৰ পৰমাণুৰ নিউক্লিয়াছত 8 টা প্ৰ’টন আৰু 8 টা নিউট্ৰন থাকে । গতিকে, অক্সিজেনৰ ভৰ সংখ্যা 16 (8 + 8 = 16)

(v)                        সমস্থানিক

      একে পাৰমাণৱিক সংখ্যাবিশিষ্ট একেটা মৌলৰ বিভিন্ন ভৰসংখ্যাবিশিষ্ট পৰমাণুসমূহক মৌলটোৰ সমস্থানিক বোলা হয় ।

অক্সিজেনৰ সমস্থানিক কেইটা হৈছে 16O, 178O আৰু 168O । প্ৰতিটো সমস্থানিকৰ পৰামাণুৱিক সংখ্যা 8, কিন্ত সমস্থামিককেইটাৰ ভৰসংখ্যা ক্ৰমে 16, 17 আৰু 18 ।

(vi)                     সমভাৰি

      ভিন ভিন পাৰমাণৱিক সংখ্যাবিশিষ্ট, কিন্ত একে ভৰসংখ্যাৰ বিভিন্ন মৌলৰ পৰমাণুবোৰক সমভাৰী বুলি কোৱা হয় ।

উদাহৰণস্বৰুপে, আৰ্গন (Ar) ৰ পাৰমাণৱিক ভৰ 18 আৰু কেলছিয়াম (Ca) ৰ পাৰমাণৱিক ভৰ 20 কিন্ত এই দুয়োটা মৌলৰে ভৰ সংখ্যা 40 ।

 সমস্থানিকৰ যেকোনো দুটা ধৰ্ম হ’লঃ

(i) ক’বাল্টৰ এটা সমস্থানিক কৰ্কট ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা হয় ।

(ii)      ইউৰেনিয়ামৰ এটা সমস্থানিক নিউক্লীয় ৰিয়েক্টৰত ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয় ।

9. Na+ ত সম্পূৰ্ণৰুপে পূৰ হৈ থকা K আৰু L শ্বেল আছে । ব্যাখা কৰা ।

উত্তৰঃ ছ’ডিয়াম (Na) ৰ পাৰমাণৱিক সংখ্যা 11 । ইয়াৰ ইলেক্ট্ৰ’নীয় বিন্যাস 2,8,1 । ৰাসায়নিক বিক্ৰিয়াত Na পৰমাণুৱে ইয়াৰ যোজক ইলেক্ট্ৰ’নটো দান কৰে আৰু ধনাত্মক আধানযুক্ত ছ’ডিয়াম আয়ন (Na+) ৰ পৰিণত হয় । গতিকে, Na+ আয়নৰ 10 টা ইলেক্ট্ৰ’ন থাকে আৰু ইয়াৰ ইলেক্ট্ৰ’নীয় বিন্যাস 2,8 । এনেদৰেল K শ্বেলত ইয়াৰ 2 ইলেক্ট্ৰ’ন থাকে, এয়াই K শ্বেলৰ সৰ্বধিক ক্ষমতা । L শ্বেলত  8টা ইলেক্ট্ৰ’ন থাকে, এয়া L শ্বেলৰ সৰ্বাধিক ক্ষমতা । গতিকে, Na+ ত K আৰু L শ্বেল সম্পূৰ্ণৰুপে পূৰ হৈ থাকে ।  

 উত্তৰঃ 
           গতিকে, ব্ৰ’মিন পৰমাণুৰ গড় পাৰমাণৱিক ভৰ = 80.006  
    উত্তৰঃ

            ধৰা হ’ল,

 
 
12.যদি Z = 3 হয়, তেন্তে মৌলটোৰ যোয্যতা কিমান হ’ব? মৌলটোৰ নাম লিখা।

উত্তৰঃ যিহেতু Z য়ে পাৰমাণৱিক সংখ্যা সূচায়, সেয়ে মৌলটোৰ পাৰমাণৱিক সংখ্যা 3 আৰু ইয়াৰ ই লেক্ট্ৰ’নীয় বিন্যাস 2,1 ।

যিহেতু যোজক ইলেক্ট্ৰ’নৰ সংখ্যা 1, সেয়ে মৌলটোৰ যোজ্যতা 1 ।

13. দুটা পৰমাণু X আৰু Y ৰ নিউক্লিয়াছৰ সংযুতি তলত দিয়া হৈছে ।

                X          Y

   প্ৰ’টন = 6           6

 নিউট্ৰন = 6           8

  X আৰু Y ৰ ভৰ সংখ্যা দিয়া । দুয়োটাৰ মাজৰ সম্পৰ্কটো কি?

উত্তৰঃ X ৰ ভৰ সংখ্যা = প্ৰ’টনৰ সংখ্যা + নিউট্ৰনৰ সংখ্যা = 6 + 6 = 12

          Y ৰ ভৰ সংখ্যা = প্ৰ’টনৰ সংখ্যা + নিউট্ৰনৰ সংখ্যা = 6 + 8 = 14

 যিহেতু X আৰু Y উভয়ৰে প্ৰ’টনৰ সংখ্যা সমান, সেয়ে সিহঁতৰ পাৰমাণৱিক সংখ্যা একে কিন্তু ভৰ সংখ্যা বিভিন্ন ।

গতিকে, X আৰু Y পৰমাণু দুটা পৰস্পৰ সমস্থানিক ।

14. তলৰ শুদ্ধ উক্তিবোৰৰ ঠাইত T আৰু ভূলবোৰৰ ঠাইত F লিখা ।

     উত্তৰঃ

(a)            F

(b)           F

(c)            T

(d)           F

প্ৰশ্ন 15, 16 আৰু 17 ত শুদ্ধ বাচনিৰ বিপৰীতে টিক (✓)  চিন আৰু ভূল বাচনিৰ বিপৰীতে ক্ৰত (×) চিন দিয়া ।

15. ৰাডাৰ ফ’ৰ্ডৰ আলফা কণা বিচ্ছুৰণ পৰীক্ষাই---

   (a) পাৰমাণৱিক নিউক্লিয়াছ (✓)

   (b) ইলেক্ট্ৰন

   (c) প্ৰ’টন

   (d) নিউট্ৰন

16. মৌল এটাৰ সমস্থানিকবোৰৰ

   (a) একে ভৌতিক ধৰ্ম

   (b) ফিন্ন ৰাযায়নিক ধৰ্ম (✓)

   (c) ভিন্ন সংখ্যক নিউট্ৰন

   (d) ভিন্ন পাৰমাণৱিক সংখ্যা থাকে ।

17. C1- আয়নত যোজ্যতা ইলেক্ট্ৰনৰ সংখ্যা

   (a) 16

   (b) 8 (✓)

   (c) 17

   (d) 18

18. তলৰ কোনটো ছ’ডিয়ামৰ শুদ্ধ ইলেক্ট্ৰনীয় বিন্যাস ?

   (a) 2, 8

   (b) 8, 2, 1

   (c) 2, 1, 8

   (d) 2, 8, 1 (✓)

19. তলৰ তালিকাখন সম্পূৰ্ণ কৰা ।


উত্তৰঃ


 


                                    Published  By Krishna Das


Our website uses cookies to enhance your experience. Learn More
Accept !